বিশ্ব দবাই লাভ কৰিলে নতুন চেম্পিয়ন

বিশ্ব দবাই লাভ কৰিলে নতুন চেম্পিয়ন

ডিজিটেল ডেস্ক : মেগনাছ কাৰ্লছেনে স্বেচ্ছাই বিশ্ব দবাৰ সিংহাসন এৰাৰ পাছত সেই সিংহাসনৰ দাবীদাৰ কোন হ'ব সেই লৈ চলিছিল অলেখ কল্পনা-জল্পনা । ন'ৰৱেৰ তাৰকা খেলুৱৈজনৰ ১০ বছৰীয়া ৰাজত্বৰ অন্তত উত্তৰসূৰী কোন হ'ব, তাক জানিবলৈ সম্পূৰ্ণ এপ্ৰিল মাহটো কাজাখাস্তানৰ আস্তানত দৃষ্টি নিৱদ্ধ কৰি ৰাখিছিল দবাপ্ৰেমী সকলে ।

অবিশ্বাস্য প্ৰতিদ্বন্দিতাৰ অন্তত এপ্ৰিল মাহৰ অন্তিম দিনটোত বিশ্ব দবাৰ মুকুট পিন্ধিলে চীনৰ ডিং লিৰেনে । প্ৰথমবাৰ পুৰুষ শাখাত চেম্পিয়ন হ'ল কোনো চীনৰ খেলুৱৈ । মহিলাৰ বিশ্ব চেম্পিয়নো অৱশ্যে চীনৰেই লেই তিংচি ।

উল্লেখ্য যে, নতুন চেম্পিয়ন ডিং লিৰেনে ভাগ্যক্ৰমে হে অংশগ্ৰহণ কৰিছিল চেম্পিয়নশ্বিপত । বিশ্ব চেম্পিয়নৰ যোগ্যতা নিৰ্ণয় পৰ্বৰ কেণ্ডিডেটছ টুৰ্নামেন্টত সুযোগ লাভ কৰা নাছিল লিৰেনে । অন্তিম ক্ষণত ৰাছিয়াৰ ছাৰ্গেই কাৰিয়াকিনক আয়োজন কমিটিয়ে নিষিদ্ধ কৰাত ডিং লিৰেনক সুযোগ দিয়া হয় ।

কেণ্ডিডেটছ টুৰ্নামেন্টত ৰানাৰ্ছ আপ হৈ মূল পৰ্বত খেলাত সুযোগ লাভ কৰে । ১৪ ৰাউণ্ডৰ অন্তত ৭-৭ পইন্টেৰে সমান হৈ ৰ'ল চীনৰ ডিং লৰেন আৰু ৰাছিয়াৰ নেপোমনিয়াচছিকে । খিতাপ দখলৰ বাবে খেলোৱা হয় ৰেপিড দবাৰ চাৰি গেমৰ প্লে অফ । ইয়াতো প্ৰথম তিনি ৰাউণ্ড ড্ৰ হোৱাৰ পিছত অন্তিম ৰাউণ্ডত বাজি মাৰিলে ডিং লিৰনে । মূল প্ৰতিযোগিতাত একাদশ ৰাউণ্ড পৰ্যন্ত পিছপৰি থকা লিৰেনৰ দ্বাদশ ৰাউণ্ডৰ প্ৰত্যাৱৰ্তন আছিল নাটকীয় ।

বিশ্ব দবাই লাভ কৰিলে নতুন চেম্পিয়ন
শচীনৰ অৰ্ধ শতক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in