শচীনৰ অৰ্ধ শতক

শচীনৰ অৰ্ধ শতক

ডিজিটেল ডেস্ক : ২০১১ চনৰ কথা । ২ এপ্ৰিলৰ নিশা । হঠাৎ সমস্বৰে চিঞৰি উঠিল ১৩০ কোটি জনতা । চাৰিওফালে আতচবাজীৰ শব্দ । কিন্তু হঠাৎ কি হ'ল ? সংবাদ মাধ্যম, সামাজিক মাধ্যম সকলো মুহুৰ্ততেই ব্যস্ত হৈ পৰিল এক নতুন ইতিহাসৰ কাহিনী লিখাত ।

এই কাহিনীৰ নায়ক এগৰাকী সৰুফুটীয়া লোক । নীলা ৰঙৰ জাৰ্ছী পৰিহিত এইজন লোকক দেখা গ'ল সতীৰ্থৰ কান্ধত উঠি মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামৰ চাৰিওফালে ঘুৰি-ফুৰা । একেদিনাই সমগ্ৰ ভাৰতবৰ্ষই হাঁহিলে,কান্দিলে । ক'লে "ভগৱানৰ সপোন পূৰণ হ'ল"

কিন্তু ভগৱানৰ সপোন পূৰণ হয় জানো ?  যি আনৰ সপোন পূৰণ কৰে, তেওঁৰ সপোন আনে কেনেদৰে পূৰণ কৰিব পাৰে ?

এয়াই আছিল কাহিনীৰ অন্ত:সাৰ । এই ভগৱানজন আন কোনো নহয় বৰং মাষ্টাৰ ব্লাষ্টাৰ অথবা লিটল মাষ্টাৰ শচীন ৰমেশ তেণ্ডুলকাৰ ।

দৰাচলতে ২০১১ চনৰ ২ এপ্ৰিলত ক্ৰিকেট বিশ্বকাপৰ ফ‍াইনেলত অৱতীৰ্ণ হৈছিল ভাৰত আৰু শ্ৰীলংকা । প্ৰায় ২৪ বছৰীয়া কেৰিয়াৰৰ অন্ত পেলাই আন্ত:ৰাষ্ট্ৰীয় কেৰিয়াৰ সামৰাৰ কথা ঘোষণা কৰিছিল ক্ৰিকেটৰ ভগৱান খ্যাত শচীন তেণ্ডুলকাৰে । এই ২৪ বছৰীয়া কেৰিয়াৰত সকলো ধৰণৰ অভিলেখেই ভংগ কৰি নিজৰ নামত লিখিছিল মাষ্টাৰ ব্লাষ্টাৰজনে ।

কিন্তু নাছিল মাথো বিশ্বকাপৰ ট্ৰ'ফী । কেইবাবাৰো ট্ৰ'ফীটোৰ কাষ চাপিও থমকি ৰৈছিল খেলুৱৈজন । এইবাৰ হয় গুৱাহাটী,নহয় ৰঙামাটি । বিশ্বকাপ নহয় যেন মৰণপণ যুঁজহে ।

প্ৰথমে বেটিং কৰা শ্ৰীলংকাই ৫০ অ'ভাৰৰ বিনিময়ত সংগ্ৰহ কৰিছিল ২৭৪ ৰান । ভাৰতৰ সন্মুখত কোনো অসম্ভৱ লক্ষ্য নাছিল । পূৰ্বেও ইয়াতকৈ কঠিন লক্ষ্য অতিক্ৰম কৰি থৈছে এই কেইজন খেলুৱৈয়ে ।

কিন্তু এইবাৰ লগতে আছিল ভগৱানক বিশ্বকাপৰ ট্ৰ'ফী উপহাৰ দিয়াৰ সপোনৰ হেঁচা । এই হেঁচাই যিকোনো মুহুৰ্ততে থানবান কৰিব পাৰে খেলুৱৈ এগৰাকীৰ আত্মবিশ্বাস । তেনেকুৱাই যেন হ'ল দ্বিতীয় ইনিংছত ।

৩১ ৰানতেই ভাৰতে হেৰুৱালে দুয়োজন অপেনাৰ ক্ৰমে ৱিৰেন্দৰ সেহৱাগ আৰু শচীন তেণ্ডুলকাৰক । সেহৱাগৰ পিছতেই খোপনি পুতিবলৈ আহিছিল গৌতম গম্ভীৰ আৰু শচীনৰ পাছত আহিল বিৰাট কোহলি । বিৰাট কোহলিও কেৱল ৩৫ ৰানতেই পেভিলিয়ন অভিমুখী হ'ল ।

তেনেতে ড্ৰেছিং ৰুমৰ কাষৰ ষ্টেণ্ডৰ পৰা দৰ্শকৰ এটি চেপা উত্তেজনা শুনা গ'ল । কিয়নো বেটিং কৰিবলৈ ক্ৰম অনুযায়ী যুৱৰাজ সিং আহিব লাগে কিন্তু তাৰ পৰিৱৰ্তে আহিল মহেন্দ্ৰ সিং ধোনী । তাৰ পাছৰখিনি ইতিহাস ।  গৌতম গম্ভীৰ আৰু মহেন্দ্ৰ সিং ধোনীৰ সন্মুখত ত্ৰাহি মধুসুদন সোঁৱৰিলে শ্ৰীলংকাৰ ব'লাৰে ।

৪৮ নং অ'ভাৰৰ অন্তিমটো ব'লত ছয় কোবাই ভাৰতক বিশ্বকাপৰ খিতাপ জয়ৰ সোৱাদ দিলে মহেন্দ্ৰ সিং ধোনীয়ে । তেতিয়াই চিঞৰি উঠিল সমগ্ৰ দেশ । লিটল মাষ্টাৰক কান্ধত তুলি সমগ্ৰ ষ্টেডিয়াম পৰিভ্ৰমণ কৰিলে দলটোৱে ।

এয়াই আছিল ভগৱানলৈ ভাৰতবাসীৰ উপহাৰ । যি সমগ্ৰ কেৰিয়াৰ কেৱল দেশৰ হৈ খেলি এটাৰ পাছত আনটো অভিলেখ গঢ়ি গ'ল সেইজন খেলুৱৈক কেৰিয়াৰ অন্তিম সময়ত যথোচিত মূল্যৰ সৈতে সন্মান জনালে দেশবাসীয়ে ।

সেই তেণ্ডুলকাৰে আজি অৰ্ধশতক কৰিলে ।  কেৰিয়াৰৰ আটাইতকৈ লেহেমীয়া অৰ্ধশতক হেনো এইটো শচীন তেণ্ডুলকাৰৰ । কিন্তু এই অৰ্ধশতক লেহেমীয়া হ'লেও খেলুৱৈগৰাকীৰ আন অভিলেখ সমূহ কিন্তু আকাশচুম্বী ।  

২৪ বছৰীয়া আন্ত:ৰাষ্ট্ৰীয় কেৰিয়াৰত খেলুৱৈগৰাকীয়ে সংগ্ৰহ কৰিলে পৰ্বতসম ১৫ হেজাৰ ৯২১ ৰান । যিজন খেলুৱৈ অভিষেক মেচত কেৱল ১৫ ৰানতেই আউট হৈছিল সেইজন খেলুৱৈয়ে পৰৱৰ্তী সময়ত ১৫ হেজাৰ ৰান সংগ্ৰহ কৰিব পাৰিব বুলি কোনোবাই কল্পনাও কৰিছিল নে ?

আমেৰিকাৰ ৰাষ্ট্ৰপতি বাৰাক ওবামাৰ সৈতে তেতিয়া ভাৰতৰ সু-সম্পৰ্ক । দেশখনত ক্ৰিকেটৰ বৰ বিশেষ জনপ্ৰিয়তা নাই । আজিলৈ এটি শক্তিশালী দলো গঠন হৈ উঠা নাই । কিন্তু বাৰাক ওবামাই কথা প্ৰসংগত ক'বলৈ বাধ্য হৈ গৈছিল যে তেওঁ শচীনৰ খেল চাই ।

কিয়নো তেওঁ জানিবলৈ বিচাৰে এইগৰাকী সৰুফুটীয়া খেলুৱৈয়ে বেটিং কৰিবলৈ আহিলে কিয় আমেৰিকাৰ উদ্যোগিক উৎপাদন কিয় ৫ শতাংশ হ্ৰাস পায় । অৰ্থাৎ এনেকুৱা আছিল শচীনৰ জনপ্ৰিয়তা । আমেৰিকাৰ দৰে এখন দেশৰ ৫ শতাংশ লোক ব্যস্ত হৈ পৰে খেলুৱৈগৰাকী ক্ৰিজত নামিলেই ।

এয়াই শচীন । গ্ৰেটেষ্ট অৱ অল টাইম । গড অৱ ক্ৰিকেট ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in