/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/ba604279-8973-44b7-af7e-26582c55c3a9/AP_FOR_WEB_mi_vs_csk.jpg)
মুম্বাই বনাম চি এছ কেঃ মেচৰ পূৰ্বে চাওক পূৰ্বৰ ৰেকৰ্ড...
ডিজিটেল ডেস্কঃ আই পি এলৰ আজিৰ দ্বিতীয়খন মেচ সন্ধিয়া ৭-৩০ বজাৰ পৰা মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। মেচখনত ঘৰুৱা দল মুম্বাই ইণ্ডিয়ানছে চেন্নাই চুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/5d9e2fa2-e5eb-44d1-890e-c35e5590d7b1/mumbai_indians_cp_1522837244.jpg)
আই পি এলৰ সৰ্বাধিক সফল দল মুম্বাই
আই পি এলৰ ইতিহাসত এই পৰ্যন্ত সৰ্বাধিক সফলতা লাভ কৰিছে ৰোহিত শৰ্মা নেতৃত্বাধীন মুম্বাই ইণ্ডিয়ানছে। দলটোৱে টুৰ্ণামেণ্টখনত সৰ্বাধিক ট্ৰফী জয় কৰিছে। দলটোৰ দখলত আছে সৰ্বাধিক ৫ টা খিতাপ। ২০১৩, ২০১৫, ২০১৭, ২০১৯ আৰু ২০২০ ত এই খিতাপ জয় কৰিছে দলটোৱে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/14e71405-50d0-4372-b4d7-7ad30d914015/CSK_Trophy_2021.jpg)
এই পৰ্যন্ত ৪ টা ট্ৰফী জয় কৰিছে চি এছ কেয়ে
আই পি এলৰ ইতিসাহত দ্বিতীয় সৰ্বাধিক ট্ৰফী জয় কৰিছে চেন্নাই চুপাৰ কিংছে। দলটোৱে এই পৰ্যন্ত ৪ টা ট্ৰফী নিজৰ দখললৈ নিছে। মহেন্দ্ৰ সি ধোনিৰ নেতৃত্বাধীন দলটোৱে ২০১০, ২০১১, ২০১৮ আৰু ২০২১ ত এই খিতাপ জয় কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/a9014a22-7450-4ef0-a561-d4ae7d45fee5/rohit_sharma_mi.jpg)
আই পি এলৰ সফল অধিনায়ক ৰোহিত
বি চি চি আইৰ এই মেগা টুৰ্ণামেণ্টখনত সৰ্বাধিক সফলতা লাভ কৰিছে ৰোহিত শৰ্মাই। তেওঁৰ নেতৃত্বতে মুম্বাইয়ে এই পৰ্যন্ত ৫ টা ট্ৰফী দখল কৰিছে। সেই হিচাপে ৰোহিত শৰ্মাই টুৰ্ণামেণ্টখনত এই পৰ্যন্ত সৰ্বাধিক সফলতা লাভ কৰিছে। সেয়ে স্বাভাৱিকতে তেওঁ আই পি এলৰ সফল অধিনায়কৰ তালিকাত আছে শীৰ্ষত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/3f6a235d-58e3-4f18-9784-10f029c57f1d/1f9d5b02f0.jpg)
শ্ৰেষ্ঠ অধিনায়কৰ তালিকাত দ্বিতীয় স্থানত ধোনি
আই পি এলৰ শ্ৰেষ্ঠ অধিনায়কৰ তালিকাত মহেন্দ্ৰ সিং ধোনি আছে দ্বিতীয়স্থানত। চেন্নাই চুপাৰ কিংছে অধিনায়ক ধোনিৰ নেতৃত্বতে এই পৰ্যন্ত ৪ টা ট্ৰফী দখল কৰিছে। সেই অনুসৰি মহেন্দ্ৰ সিং ধোনি আছে সফল অধিনায়কৰ তালিকাত দ্বিতীয়স্থানত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/5ff8aa81-8db5-46e7-a5c9-ca7c851ef921/ma46hc4g_delhi_capitals_bcci_ipl_625x300_27_March_22.webp)
প্ৰথমখন মেচতে পৰাস্ত হৈছে এম আই
চলিত আই পি এলত মুম্বাই ইণ্ডিয়ানছে এই পৰ্যন্তে ১ খন মেচ খেলিছে। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে খেলা এই মেচখনত মুম্বাই ইণ্ডিয়ানছে অতি দুৰ্বল প্ৰদৰ্শন দাঙি ধৰিছিল। যাৰ বাবে ৮ টা উইকেইটৰ ব্যৱধানত পৰাস্ত হ'বলৈ বাধ্য হৈছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/2a413763-6aaf-4364-9952-baf0d8052e1b/923404_csk_ipl_2020.avif)
চি এছ কেৰ প্ৰদৰ্শন ৫০-৫০
চেন্নাই চুপাৰ কিংছে চলিত ছিজনত এই পৰ্যন্ত ২ খন মেচ খেলিছে। ইয়াৰে প্ৰথমখন মেচত গুজৰাট টাইটানছৰ বিৰুদ্ধে পৰাস্ত হোৱাৰ বিপৰীতে দ্বিতীয়খন মেচত এল এছ জিৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰিছে। প্ৰথমখন মেচত ৫ উইকেটৰ ব্যৱধানত পৰাস্ত হোৱাৰ বিপৰীতে দ্বিতীয়খন মেচত ১২ ৰাণৰ ব্যৱধানত বিজয় সাব্যস্ত কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/87a15750-2434-4d7d-868f-d75b00b5ca4f/mi_vs_csk_ipl_2023_playing_11_1680868106.jpg)
ৰেকৰ্ডে কয় এম আই শ্ৰেষ্ঠ
আই পি এলৰ ইতিহাসত এই পৰ্যন্ত দুয়োটা দলে মুঠ ৩৬ খন মেচ খেলিছে। ইয়াৰ ভিতৰত মুম্বাইয়ে সৰ্বাধিক ২১ খন মেচ জয় কৰাৰ বিপৰীতে চি এছ কেয়ে ১৫ খনত বিজয় সাব্যস্ত কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/f4e02b8a-7980-4a54-8127-590629dbbbb7/77817739.jpg)
চি এছ কেৰ হৈ সৰ্বাধিক ৰাণ কৰিছে সুৰেশ ৰাইনাই
আই পি এলত চেন্নাই চুপাৰ কিংছৰ হৈ সৰ্বাধিক ৰাণ সংগ্ৰহ কৰিছে সুৰেশ ৰাইনাই। ক্ৰিকেটাৰগৰাকীয়ে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ৩২ খন মেচ খেলি ৭৩৬ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। সেইদৰে ৰোহিত শৰ্মাই চি এছ কেৰ বিৰুদ্ধে ৩০ খন মেচ খেলি ৭১১ ৰাণ কৰিবলৈ সক্ষম হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/a8473367-5270-48a8-94d3-fca921117922/Wankhede_Stadium_IPL_pitch_report.jpg)
ৱাংখেড়েত প্ৰথমে বলিং কৰা দলৰ জয়ৰ সম্ভাৱনা অধিক
সন্ধিয়া ৭-৩০ বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া মেচখনত প্ৰথমে বলিং কৰা দলটোৰ জয়ৰ সম্ভাৱনাই অধিক। ইয়াত মুঠ ৮ খন টি-২০ ৰ মেচ অনুষ্ঠিত হৈছে আৰু এই ৮ খন মেচৰ ভিতৰত ৫ খন মেচতেই প্ৰথমে বেটিং কৰা দল পৰাস্ত হৈছে।
Also Read: বৰপেটাত পি এফ আইৰ ২ নেতাক গ্ৰেপ্তাৰ...