বৰপেটাত পি এফ আইৰ ২ নেতাক গ্ৰেপ্তাৰ...

বৰপেটাত পি এফ আইৰ ২ নেতাক গ্ৰেপ্তাৰ...
বৰপেটাত পি এফ আইৰ ২ নেতাক গ্ৰেপ্তাৰ...

ডিজিটেল ডেস্কঃ বৰপেটাত আৰক্ষীয়ে পপুলাৰ ফ্ৰণ্ট অফ ইণ্ডিয়া চমুকৈ পি এফ আইৰ বিৰুদ্ধে অভিযান চলাই সংগঠনটোৰ দুজন নেতাক গ্ৰেপ্তাৰ কৰিছে। নিষিদ্ধ ঘোষিত পি এফ আইৰ অসম শাখাৰ সভাপতি আবু শৰ্মা আহমেদ আৰু সংগঠনটোৰ অসমৰ সম্পাদক জাকিৰ হুছেইনক শুকুৰবাৰে নিশা গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে অভিযানকালত ছহিদুল ইছলাম নামৰ আন এজন ব্যক্তিক আটক কৰিছে। তেওঁ কেম্পাছ ফ্ৰণ্ট অফ ইণ্ডিয়া নামৰ সংগঠনটোৰ সৈতে জড়িত। এই অভিযান কালত আৰক্ষীয়ে নগদ ডেৰ লাখ টকা, ৪ টা মোবাইল ফোন আৰু অন্যান্য সামগ্ৰী জব্দ কৰিছে।

উল্লেখ্য যে, পি এফ আই নামৰ সংগঠনটোক কেন্দ্ৰীয় চৰকাৰে ২০২২ চনৰ ছেপ্টেম্বৰত নিষিদ্ধ ঘোষণা কৰিছিল। অসমত এই সংগঠনটোৰ যথেষ্ট সংখ্যক সমৰ্থক থকাত নিষিদ্ধ ঘোষিত সংগঠনটোৰ বিৰুদ্ধে আৰক্ষীয়ে ধাৰাবাহিক ভাৱে অভিযান অব্যাহত ৰাখিছে।

বৰপেটাত পি এফ আইৰ ২ নেতাক গ্ৰেপ্তাৰ...
চাইবাৰ অপৰাধীৰ দপদপনিঃ পতি,পত্নীৰ একাউণ্টৰ পৰা সৰকালে কেইবালাখ টকা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in