ৰোহিত শৰ্মাৰ শতক সত্বেও পৰাস্ত মুম্বাই : ৱাংখাড়েত চেন্নাইৰ ৰাজকীয় বিজয়

৪২ বছৰ বয়সতো তৰুণ ধোনীৰ গগনচুম্বী ছিক্সাৰত মন্ত্ৰমুগ্ধ দৰ্শক...
ৰোহিত শৰ্মাৰ শতক সত্বেও পৰাস্ত মুম্বাই : ৱাংখাড়েত চেন্নাইৰ ৰাজকীয় বিজয়

ডিজিটেল ডেস্ক : চেন্নাই চুপাৰ কিংছৰ বিৰুদ্ধে গৃহচহৰত পৰাস্ত মুম্বাই ইণ্ডিয়ানছ। দেওবাৰে নিশা ৱাংখাড়ে ষ্টেডিয়ামত অনুষ্ঠিত মেচখনত ২০ ৰানৰ ব্যৱধানত ঘৰুৱা দল মুম্বাই ইণ্ডিয়ানছে পৰাজয়বৰণ কৰে।

টছত জয়ী হৈ মুম্বাইৰ অধিনায়ক হাৰ্ডিক পাণ্ডিয়াই ফিল্ডিং কৰাৰ সিদ্ধান্ত লৈ চেন্নাইক বেটিং কৰাৰ বাবে আমন্ত্ৰণ জনায়। প্ৰথমে বেট ধৰি চেন্নাইয়ে নিৰ্ধাৰিত অ'ভাৰত মাত্ৰ ৪টা উইকেট হেৰুৱাই ২০৭ ৰান সংগ্ৰহ কৰে।

চেন্নাইৰ এই পৰ্বতসম ৰানৰ মূলতে আছিল অধিনায়ক ৰুতুৰাজ গাইকোৱাড়(৬৯) আৰু নিৰ্ভৰযোগ্য বেটাৰ সিৱম ডুবে(৬৬)ৰ অনবদ্য অৰ্ধশতক। গাইকোৱাড়ে ৪০টা বলৰ সন্মুখীন হৈ ৫টা বাউণ্ডেৰী আৰু সমসংখ্যক অ'ভাৰ বাউণ্ডেৰীৰে ইনিংছটো সজায়। আনহাতে ডুবে ৩৮টা বলত ১০টা চাৰি আৰু ২টা ছয়ৰে এক সুন্দৰ ইনিংছ খেলে।

অ'পেনাৰ আজিংক্যা ৰাহানে মাত্ৰ ৫ৰান কৰি বিদায় মাগিলেও মেচৰ শেষৰ ফালে মহেন্দ্ৰ সিং ধোনীয়ে দৰ্শক তথা অনুৰাগীক বেচ আমোদ দিয়ে। ধোনীয়ে মাত্ৰ ৪টা বল খেলি ৩টা গগনচুম্বী ছিক্সাৰ কোবাই দলৰ স্ক'ৰ ২০০ৰ ঘৰ পাৰ কৰাত অন্যতম বৰঙণি যোগায়। ৪২ বছৰ বয়সীয়া ধোনীৰ গগনচুম্বী ছিক্সাৰত মন্ত্ৰমুগ্ধ হৈ ৰয় দৰ্শক।

ইফালে চেন্নাইয়ে বান্ধি দিয়া বিজয় লক্ষ্য অতিক্ৰম কৰিবলৈ গৈ নিৰ্ধাৰিত অ'ভাৰত ৬টা উইকেট হেৰুৱাই মুম্বাইয়ে ১৮৬ৰানতে থমকি ৰ'ব লগা হয়। অৱশ্যে ৰোহিত শৰ্মাই অনুৰাগীৰ মনত জয়ৰ আশা সঞ্চাৰ কৰিছিল সময়ৰ বাবে সেয়া সম্ভৱ হৈ নুঠিল।

তথাপি ৰোহিতে কেৰিয়াৰৰ দ্বিতীয়টো শতক অৰ্জন কৰি দৰ্শকক অন্য এক আমোদ দিয়ে। ৰোহিতে ৬৩টা বলৰ সন্মুখীন হৈ ১১টা চাৰি আৰু ৫টা ছয়ৰে শতকীয় ইনিংছটো সজায়।

ৰোহিতৰ উপৰি ঈশান কিষাণ ২৩, তিলক বাৰ্মা ৩১ৰান কৰে। আজিৰ মেচখনত অধিনায়ক হাৰ্ডিক পাণ্ডিয়া সম্পূৰ্ণ ৰূপে ব্যৰ্থ হোৱা পৰিলক্ষিত হয়। বলিং কৰি পাণ্ডিয়া খৰচী বলাৰ হিচাপে বিবেচিত হয়।

তেঁও ৩ অ'ভাৰ বলিং কৰি ৪৩ৰান খৰচ কৰে। অৱশ্যে ৰান খৰচ কৰিলেও তেওঁ ২টা উইকেট দখল কৰিবলৈ সক্ষম হয়। ইয়াৰোপৰি বেটিঙত অধিনায়কগৰাকীৰ বৰঙণি ৬বলত মাত্ৰ ২ৰান। কাৰ্যতঃ ব্যৰ্থ।

ৰোহিত শৰ্মাৰ শতক সত্বেও পৰাস্ত মুম্বাই : ৱাংখাড়েত চেন্নাইৰ ৰাজকীয় বিজয়
ঢকুৱাখনা ব্লক কংগ্ৰেছৰ কোষাধ্যক্ষই ত্যাগ কৰিলে দল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in