/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/a6f53dbb-1d31-493a-9aef-6413e26c5279/68.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনা : শেহতীয়াকৈ ঢকুৱাখনা আৰু ঘিলামৰা ব্লক কংগ্ৰেছৰ একাংশ দায়িত্বশীল পদত অধিষ্ঠিত গৰিষ্ঠসংখ্যক নেতা বিষয়ববীয়াই কংগ্ৰেছ ত্যাগ কৰাৰ পৰিপ্ৰেক্ষিতত দলটোৰ কৰ্মীসকলৰ মনোবল হ্ৰাস পোৱা পৰিলক্ষিত হৈছে । দল আৰু পদ ত্যাগৰ ধুমুহাই বিধ্বস্ত কৰা কংগ্ৰেছ দলটোৰ অৱশিষ্ট কৰ্মীসকলৰ মনোবল বৃদ্ধিৰ বাবে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আহি দেওবাৰে দলীয় কৰ্মীসকলৰ সৈতে মত বিনিময় কৰে।
নিৰ্বাচনৰ সময়ত এনেবোৰ দল বাগৰা ৰাজনৈতিক পৰম্পৰা থাকেই বুলি আশ্বাস দি যোৱা সভাপতিৰ সান্তনা বাণীৰ পাছতেই ঢকুৱাখনা ব্লক কংগ্ৰেছৰ এগৰাকী শীর্ষ বিষয়ববীয়াই দল আৰু পদ ত্যাগৰ খবৰে চৰ্চা লাভ কৰিছে। ঢকুৱাখনা ব্লক কংগ্ৰেছৰ কোষাধ্যক্ষ তথা মহকুমা সংখ্যালঘু উন্নয়ন ব'ৰ্ডৰ প্ৰাক্তন অধ্যক্ষ আফৰুজ খান (মণ্টু)ই দেওবাৰে কংগ্ৰেছৰ প্ৰাথমিক সদস্য আৰু পদ ত্যাগ কৰি ব্লক কংগ্ৰেছৰ সভাপতিলৈ পত্ৰ প্ৰেৰণ কৰে ।
খানে জনোৱা মতে দলৰ শীর্ষ নেতৃত্বই অত্যন্ত স্বেচ্ছাচাৰী আৰু জনবিৰোধী নীতিৰে দলটো পৰিচালনা কৰি দলৰ সাংগঠনিক ভেঁটি দুৰ্বল কৰি তুলিছে। কংগ্ৰেছ দলত নীতিনিষ্ঠ কৰ্মীৰ স্থান সুৰক্ষিত নহয় বুলি কৈ খানে আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ পদৰ লগতে দল ত্যাগ কৰাৰ কথা জানিবলৈ দিছে।
Also Read: পহিলা ব'হাগৰ দিনটোত ওদালগুৰি জিলা সাহিত্য সভা আৰু ছাত্ৰ সন্থাৰ আদৰণীয় পদক্ষেপ...