দুৰ্দিনে লগ এৰা নাই ৰোনাল্ডোৰ...

দুৰ্দিনে লগ এৰা নাই ৰোনাল্ডোৰ...

ডিজিটেল ডেস্ক : দুৰ্দিনে লগ এৰা নাই ৰোনাল্ডোৰ । প্ৰথমে মানচেষ্টাৰ ইউনাইটেড, তাৰ পাছত ৰিয়েল মাদ্ৰিদ আৰু য়ুভেন্টাছ । তেতিয়ালৈ যেন সকলো ঠিকেই আছিল খেলুৱৈ গৰাকীৰ জীৱনত । য়ুভেন্টাছৰ পৰা খেলুৱৈ গৰাকী উভতি আহিল পুৰণি ক্লাব মানচেষ্টাৰ ইউনাইটেডলৈ । স্পেইন আৰু ইটালীৰ ফুটবলতকৈ বহু পৃথক ইংৰাজী ফুটবল । ইউৰোপীয়ান দেশ যদিও পৃথক খেলৰ শৈলী । ইয়াত নাই স্পেইনৰ টিকি-টাকা অথবা ছন্দ । বৃটিছ ফুটবল মানেই যেন আক্ৰমণ, প্ৰত্যাক্ৰমণ ।

যদিওবা এসময়ত মানচেষ্টাৰ ইউনাইটেডৰ অন্যতম খেলুৱৈ আছিল ৰোনাল্ডো কিন্তু ৩৬ বছৰ বয়সত যেন সেই একেই যাদু দেখুৱাবলৈ সফল নহ'ল খেলুৱৈ গৰাকীয়ে । ফলত দুবছৰীয়া চুক্তি শেষ হোৱাৰ পূৰ্বেই চৌদি আৰৱৰ ক্লাব আল নাছাৰলৈ যাবলৈ বাধ্য হ'ল বিশ্বৰ অন্যতম খেলুৱৈ ৰোনাল্ডো । ফুটবল ইতিহাসত খুব সম্ভৱ এয়াই প্ৰথমটো এনে চুক্তি । অৱশ্যে ইয়াৰ পূৰ্বেও আন বহু বিশ্ব বিশ্ৰুত খেলুৱৈয়ে কেৰিয়াৰ শেষৰ ফালে গতি কৰিছিল অখ্যাত ক্লাব সমূহলৈ । কিন্তু ৰোনাল্ডোক গণ্য কৰা হয় বিশ্বৰ শ্ৰেষ্ঠ খেলুৱৈ সকলৰ এজন বুলি ।

কিন্তু দুৰ্দিনে এতিয়া লগ এৰা নাই একালৰ সফল খেলুৱৈ গৰাকীক । যেন অৱসৰ ল'বলৈ ইংগিত দিছে বেয়া সময়ে । ইয়াৰ পূৰ্বে এল-ক্লাছিকো, প্ৰীমিয়াৰ লীগ, ছেম্পিয়নছ্ লীগৰ চাপ লৈ উজলি উঠা খেলুৱৈ গৰাকীয়ে ছৌদিৰ চুপাৰ কাপত ব্যৰ্থ হ'ল । যাৰ ফলত দলটিয়ে আৰম্ভণিতেই বিদায় ল'লে প্ৰতিযোগিতাখনিৰ পৰা ।

ইয়াৰ পাছতেই খেলুৱৈ গৰাকীৰ বিৰুদ্ধে সৰৱ হৈ উঠিল দলটোৰ প্ৰশিক্ষক তথা মেনেজাৰ । পৰাজয়ৰ দ্বায়িত্ব ঠেলি দিয়া হ'ল খেলুৱৈ গৰাকীৰ কান্ধত । আনকি আগন্তুক সময়ত ক্লাবটিত খেলুৱৈ গৰাকীক দেখা নাপাবও পাৰে বুলিও জনালে প্ৰশিক্ষকে ।

এতিয়া প্ৰশ্ন হয়, এগৰাকী খেলুৱৈক এটি নতুন দলত থিতাপি ল'বলৈ প্ৰয়োজন হ'ব পাৰে কিছু সময়ৰ, তেনেস্থলত কেৱল এখন খেলৰ ওপৰত ভিত্তি কৰিয়েই জানো মন্তব্য কৰিব পৰা যায় বিশ্বৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ এগৰাকীৰ সামৰ্থ্য ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in