অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ উৰিয়াগাঁও সমিতিৰ উদ্যোগত ক্ৰিকেট প্ৰতিযোগিতা

ক্ষুদ্ৰ ব্যৱসায়ী সন্থাৰ সহযোগত ১৯ ফেব্ৰুৱাৰীৰ পৰা প্ৰতিযোগিতাখন অনুষ্ঠিত হ'ব

author-image
Asomiya Pratidin
New Update
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ উৰিয়াগাঁও সমিতিৰ উদ্যোগত ক্ৰিকেট প্ৰতিযোগিতা

ডিজিটেল ডেস্কঃ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ উৰিয়াগাঁও আঞ্চলিক সমিতিৰ উদ্যোগত প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতা। উৰিয়াগাঁও আঞ্চলিক উন্নয়ন সমিতি আৰু ক্ষুদ্ৰ ব্যৱসায়ী সন্থাৰ সহযোগত ১৯ ফেব্ৰুৱাৰীৰ পৰা প্ৰতিযোগিতাখন অনুষ্ঠিত হ'ব।

Advertisment

আয়োজক সমিতিয়ে জনোৱা অনুসৰি উৰিয়াগাঁও খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতাখনিৰ বাবে দলসমূহৰ ভৰ্তি মাছুল ১,১০০ টকা ধাৰ্য কৰা হৈছে। লগতে বিজয়ী আৰু ৰাণাৰ্ছ আপ দলক ক্ৰমে ২০,০০১ আৰু ১০,০০১ টকা পুৰস্কাৰ হিচাপে প্ৰদান কৰা হ'ব বুলি জনায়।

ইচ্ছুক দলসমূহক আয়োজক সমিতিয়ে ৬০০০৩৪৫১৭০ আৰু ৭০০২৩০১০০১ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।

আৰু পঢ়কঃ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে সুন্দৰ স্থিতিত ভাৰত : ৰোহিতৰ শতক

cricket asom jatiyatabadi yuva chatra parishad