/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/8ed8ff6b-d8a3-4632-82f5-b3737ab6ff07/h3.jpg)
ডিজিটেল ডেস্কঃ ব'ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত ভাৰতীয় ক্ৰিকেট দলৰ সুন্দৰ আৰম্ভণী। অষ্ট্ৰেলিয়া আৰু ভাৰতৰ মাজত অনুষ্ঠিত হৈছে ব'ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী টেষ্ট শৃংখলা। চাৰিখনীয়া টেষ্ট শৃংখলাৰ প্ৰথমখন মেচ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে।
মেচখনৰ টছত জয়ী হৈ আলহী দল অষ্ট্ৰেলিয়াই পোনতে বেট ধৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। স্পীন সহায়ক পিটছত ৰবীন্দ্ৰ জাডেজা আৰু অশ্বিনৰ বিধ্বংসী বলিঙৰ সন্মুখত তিষ্ঠিব নোৱাৰি আলহী দলটোৱে মাত্ৰ ১৭৭ ৰানতে আটাইকেইটা উইকেট হেৰুৱায়।
আঘাতৰ বাবে দীৰ্ঘ দিনৰ পাছত দললৈ প্ৰত্যাৱৰ্তন কৰা জাডেজাই ৫টা উইকেট দখল কৰাৰ বিপৰিতে অশ্বিনে ৩টা উইকেট দখল কৰে। আনহাতে প্ৰথম দিনটোতে ভাৰতে প্ৰথম ইনিংছ খেলে। বাতৰি লিখা পৰলৈকে দ্বিতীয় দিনা ভাৰতে অধিনায়ক ৰোহিত শৰ্মাৰ শতকৰ সহায়ত ৫টা উইকেটৰ বিনিময়ত ২২৩ ৰানত বেটিং কৰি আছে।
ক্ৰিছত ৰোহিত শৰ্মাৰ লগত আছে জাডেজা। অৱশ্যে অভিষেক মেচৰ প্ৰথম ইনিংছত বেটত ৰান নাপায় পেভিলিয়নমুখী হয় সূৰ্যকুমাৰ যাদৱ। তেঁও মাত্ৰ ৮ ৰান হে সংগ্ৰহ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/3591ed32-3fbc-46c4-a1b1-6eafbab6eecb/6726_9_2_2023_16_42_29_1_ROHIT03.jpg)
আৰু পঢ়কঃ ভূমি উন্নয়নৰ নামত ৪৯.৯৪ লাখৰ কেলেংকাৰী : মাটিৰ পৰিৱৰ্তে জাবৰ...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us