উৰিয়ামঘাটত প্ৰাইজমনি "বীৰঙ্গনা সাধনী কাপ" ক্ৰিকেট প্ৰতিযোগিতা...

উৰিয়ামঘাটত প্ৰাইজমনি "বীৰঙ্গনা সাধনী কাপ" ক্ৰিকেট প্ৰতিযোগিতা

author-image
Asomiya Pratidin
New Update
উৰিয়ামঘাটত প্ৰাইজমনি "বীৰঙ্গনা সাধনী কাপ" ক্ৰিকেট প্ৰতিযোগিতা...

উৰিয়ামঘাটত প্ৰাইজমনি "বীৰঙ্গনা সাধনী কাপ" ক্ৰিকেট প্ৰতিযোগিতা

ডিজিটেল সংবাদ উৰিয়ামঘাটঃ ধনশিৰি মহকুমাৰ উৰিয়ামঘাটৰ জয়াপথাৰ খেলপথাৰত "বীৰঙ্গনা সাধনী কাপ ক্ৰিকেট প্ৰতিযোগিতা" আৰম্ভ হয়। উৰিয়ামঘাট আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত তথা মহাবীৰ লাচিত মূলাৰ সমাজ কল্যাণ যুৱ সমিতিৰ সহযোগত হোৱা প্ৰতিযোগিতাখনি শুভাৰম্ভণিত উদ্বোধনী ভাষণ আগবঢ়াই উৰিয়ামঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰবীন্দ্ৰ বৰৰবাই।

উদ্বোধনী অনুষ্ঠানৰ প্ৰাক্‌ মুহুৰ্তত পতাকা উত্তোলন কৰে চুতীয়া ছাত্ৰ সন্থাৰ উৰিয়ামঘাট আঞ্চলিক সমিতিৰ সভাপতি দিপাংকৰ বৰাই। পতাকা উত্তোলনৰ পিছতেই বীৰঙ্গনা সাধনীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন আৰু বন্তী প্ৰজ্জ্বলন কৰা হয়।

চিনাকী পৰ্ব আৰু সম্বৰ্ধনা অনুষ্ঠানৰ আঁত ধৰে যুৱ সমিতিৰ সম্পাদক ৰুহিনী গগৈয়ে। উক্ত অনুষ্ঠানটোত ধনশিৰি মহকুমাৰ চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি অভিজিত শইকীয়া, মহাবীৰ লাচিত মূলা সমাজ কল্যাণ যুৱ সমিতিৰ সভাপতি হেম শইকীয়া, প্ৰাক্তন সভাপতি জীৱন শইকীয়া, ৰমেন শইকীয়া, অৱসৰপ্ৰাপ্ত শিক্ষক ভৰতচন্দ্ৰ গগৈকে ধৰি কেইবাজনো গন্যমান্য লোক উপস্থিত।

উল্লেখ্যযে প্ৰতিযোগিতখনিত যোগাদান কৰিবৰ বাবে খেল পৰিচালনা সমিতিৰ সম্পাদক ৰুহুল বৰা আৰু সভাপতি মন্টু বৰাৰ লগত ৮৪৭৩৯৩৭৮৮১ বা ৮০১১২৭৬২০০ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।

ক্লিক কৰি পঢ়কঃ সোপা ধৰাৰ সন্দেহত মায়ঙত উত্তেজিত ৰাইজে ভাঙিলে এখন বাহন...

ক্ৰিকেট