সোপা ধৰাৰ সন্দেহত মায়ঙত উত্তেজিত ৰাইজে ভাঙিলে এখন বাহন...

সোপা ধৰাৰ সন্দেহত মায়ঙত উত্তেজিত ৰাইজে ভাঙিলে এখন বাহন

author-image
Asomiya Pratidin
New Update
সোপা ধৰাৰ সন্দেহত মায়ঙত উত্তেজিত ৰাইজে ভাঙিলে এখন বাহন...

সোপা ধৰাৰ সন্দেহত মায়ঙত উত্তেজিত ৰাইজে ভাঙিলে এখন বাহন

ডিজিটেল সংবাদ মায়ংঃ মৰিগাঁও জিলাৰ মায়ঙৰ বৰদলনিত আজি সোপা ধৰাৰ সন্দেহত উত্তেজিত ৰাইজে ভাঙিলে এখন অট' ভান। অট'খনৰ চালক ৰবিন কোচৰ  ঘৰ গুৱাহাটীৰ বাঘৰবৰীত বুলি জানিব পৰা গৈছে। উত্তেজিত ৰাইজৰ দ্বাৰা গাড়ী ভঙাৰ  খবৰ পাই আৰক্ষীৰ লোক উপস্থিত হয় ঘটনাস্থলিত।

Advertisment

ঘটনা সন্দৰ্ভত জানিব পৰা মতে আজি বহা বৰঝাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ দুজন ছাত্ৰ বিদ্যালয় ছুটীৰ পিছত ঘৰলৈ যোৱাৰ সময়ত আধা বাটত গাড়ী ৰখাই ছাত্ৰ দুজনক গাড়ীত উঠাই লৈছিল অট'খনৰ চালক জনে ঘৰৰ কাষত নমাই দিম বুলি। পিছে বহা সাতকাবৰী গাঁৱৰ কাষত নমাই নিদি নিজৰ বাহনখন তীব্ৰ বেগেৰে গুৱাহাটী অভিমুখে গৈ থকাৰ বাবেই এজন ছাত্ৰই গাড়ীখনৰ পৰা জপিয়াই দিয়ে।

আন জন ছাত্ৰ গাড়ীৰ পৰা নমাই  নিদিয়াৰ ফলত এক চিঞৰ বাখৰ হয় আৰু তাৰ পিছতেই হুলুস্থুল লগাত বৰদলনিত আগচি ধৰে গাড়ীখন। চালক ৰবিন কোচ দৌৰি এজন  লোকৰ ঘৰত গৈ প্ৰবেশ কৰি নিজকে আক্ৰমণৰ পৰা বচাই যদিও চৌদিশৰ পৰা অগণন লোক আহি ঘেৰি ধৰে।

তাৰ পিছতেই উত্তেজিত ৰাইজে ভাঙি দিয়ে বাহনখন। ঘটনাস্থলিত মায়ঙৰ আৰক্ষীৰ দল এটা উপস্থিত হয় যদিও পৰিস্থিতি বিষম হোৱাত পুনৰ  জাগীৰোড আৰক্ষী উপস্থিত  হয়।

জাগীৰোড আৰক্ষীৰ দলটোৱে লোকজনক উদ্ধাৰ কৰি নি জেৰা অব্যাহত ৰাখিছে।বৰ্তমান আৰক্ষীৰ জিম্মাতে আছে অট' চালক ৰবিন কোচ। আটক হোৱা ৰবিন কোচে জানিব লৈ দিয়া মতে ভুলক্ৰমে গাড়ীখন পাৰ হৈ গৈছিল।

ক্লিক কৰি পঢ়কঃ নগাঁৱত ভয়ংকৰ ৰূপত বৃদ্ধি এইডছ আক্ৰান্তৰ সংখ্যা...

মায়ং সোপাধৰা