পুনৰ এছিয়ান গেমছলৈ ক্ৰিকেট : ভাগ ল'ব ভাৰতীয় ক্ৰিকেট দলে

পুনৰ এছিয়ান গেমছলৈ ক্ৰিকেট : ভাগ ল'ব ভাৰতীয় ক্ৰিকেট দলে

author-image
Asomiya Pratidin
New Update
পুনৰ এছিয়ান গেমছলৈ ক্ৰিকেট : ভাগ ল'ব ভাৰতীয় ক্ৰিকেট দলে

ডিজিটেল ডেস্ক: পুনৰ এছিয়ান গেমছলৈ উভতিছে ক্ৰিকেট। ২০১৪ চনৰ পিচত এছিয়ান গেমছলৈ উভতি আহিছে ক্ৰিকেট খেল।

Advertisment

পুনৰ এছিয়ান গেমছত দেখা যাব বেট-বলৰ যুটি। অহা ২৩ ছেপ্তেম্বৰৰ পৰা চীনত অনুষ্ঠিত হ'ব এছিয়ান গেমছ। জানিব পৰা মতে এছিয়ান গেমছলৈ ভাৰতীয় ক্ৰিকেট ব'ৰ্ডে পুৰুষ-মহিলা উভয় দলকে পঠিয়াব।

অৱশ্যে মহিলাৰ মূল দল পঠিয়ালেও কিন্তু পুৰুষৰ দ্বিতীয় শাৰীৰ দলহে পঠিয়াব। কিয়নো এছিয়ান গেমছৰ কিছুদিন পিচতে আৰম্ভ হ'ব আই চি চি এদিনীয়া বিশ্বকাপ। সেয়ে গেমছলৈ পুৰুষৰ মূল দল নপঠিয়াই।

অহা ৩০ জুনৰ ভিতৰত ব'ৰ্ডে ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈৰ তালিকা অলিম্পিক সন্থাক প্ৰেৰণ কৰিব। উল্লেখ্য যে, ২০১০ আৰু ২০১৪ চনত এছিয়ান গেমছত ক্ৰিকেট অন্তৰ্ভুক্ত আছিল যদিও ২০১৮ চনত বাদ পৰে।

অৱশ্যে উক্ত দুই বৰ্ষত ভাৰতে দল পঠিওৱা নাছিল। সেই অনুসৰি প্ৰথমবাৰৰ বাবে এছিয়ান গেমছত ভাৰতে ভাগ ল'ব।

Also Read: ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত : তৃতীয়-চতুৰ্থ বৰ্গত নিযুক্তি দিয়া হ'ব বাছনিকৃত ৮৩৫ প্ৰাৰ্থীক

Asian Games cricket