ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত : তৃতীয়-চতুৰ্থ বৰ্গত নিযুক্তি দিয়া হ'ব বাছনিকৃত ৮৩৫ প্ৰাৰ্থীক

ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত : তৃতীয়-চতুৰ্থ বৰ্গত নিযুক্তি দিয়া হ'ব বাছনিকৃত ৮৩৫ প্ৰাৰ্থীক

author-image
Asomiya Pratidin
New Update
ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত : তৃতীয়-চতুৰ্থ বৰ্গত নিযুক্তি দিয়া হ'ব বাছনিকৃত ৮৩৫ প্ৰাৰ্থীক

ডিজিটেল ডেস্ক: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত তৃতীয়-চতুৰ্থ বৰ্গত নিযুক্তি দিয়া হ'ব বাছনিকৃত প্ৰাৰ্থীক। শনিবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

Advertisment

ৰাজ্যিক নিযুক্তি আয়োগৰ অধীনত তৃতীয়-চতুৰ্থ বৰ্গৰ পদৰ বাবে বাছনিকৃত ৮৩৫ প্ৰাৰ্থীক নিযুক্তি দিয়াৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে। ইয়াৰে তৃতীয় বৰ্গৰ ১৯৮ টা পদ আৰু চতুৰ্থ বৰ্গৰ ৬৩৭টা পদত এই নিযুক্তি পৰ্ব অনুষ্ঠিত হ'ব।

উল্লেখ্য যে, একাংশ প্ৰাৰ্থীয়ে যোগদান নকৰা,দ্বৈত পদত নিযুক্তি পোৱা পদসমূহ খালী হৈ আছে। সেয়ে ৰাজ্যিক কেবিনেটৰ দ্বাৰা উক্ত সিদ্ধান্ত গ্ৰহণ কৰা হয়।

আনহাতে অহা ৩০ জুন আৰু ১ জুলাইত গীনিজ বুক অৱ ৰেক'ৰ্ডছত অংশ লোৱা ঢুলীয়া,বিহুৱতীক জিলা জিলাই বেংক একাউণ্টযোগে মুখ্যমন্ত্ৰী-মন্ত্ৰীৰ উপস্থিতিত প্ৰমাণ পত্ৰসহ ২৫ হাজাৰকৈ টকা প্ৰদান কৰা হ'ব বুলিও কেবিনেটত সিদ্ধান্ত লোৱা হয়।

Also Read: ভাৰতত এমাজন-গুগলে কৰিব বৃহৎ বিনিয়োগ

himanta biswa sarma Jayanta Mallabaruah