বলিভিয়াক ৫-০ গ'লত পৰাস্ত কৰি পইণ্ট টেবুলৰ শীৰ্ষত উৰুগুৱেঃ আমেৰিকা, পানামাৰ দুজনক ৰেড কাৰ্ড...

কোপা আমেৰিকাৰ ১৫ বাৰৰ চেম্পিয়ন উৰুগুৱে এতিয়াও প্ৰৱেশ কৰা নাই নক আউটত
বলিভিয়াক ৫-০ গ'লত পৰাস্ত কৰি পইণ্ট টেবুলৰ শীৰ্ষত উৰুগুৱেঃ আমেৰিকা, পানামাৰ দুজনক ৰেড কাৰ্ড...
বলিভিয়াক ৫-০ গ'লত পৰাস্ত কৰি পইণ্ট টেবুলৰ শীৰ্ষত উৰুগুৱেঃ আমেৰিকা, পানামাৰ দুজনক ৰেড কাৰ্ড...
Published on
Updated on

ডিজিটেল ডেস্কঃ ভাৰতীয় সময় অনুসৰি শুকুৰবাৰে পুৱা অনুষ্ঠিত হোৱা কোপা আমেৰিকাৰ এখন মেচত বলিভিয়াৰ বিৰুদ্ধে ৫ টাকৈ গ'ল কৰিলে উৰুগুৱেয়ে। কোপা আমেৰিকাত ১৫ বাৰৰ চেম্পিয়ন উৰুগুৱে।

৬ পইণ্ট অৰ্জনেৰে পইণ্ট টেবুলৰ শীৰ্ষত থকা দলটোৱে কিন্তু এতিয়াও প্ৰতিযোগিতাখনৰ নকআউটত স্থান সুৰক্ষিত কৰিবলৈ সক্ষম হোৱা নাই।  এইবাৰ গ্ৰুপ চিত থকা উৰুগুৱেয়ে প্ৰতিযোগিতাৰ প্ৰথমখন মেচতে পানামাক ৩-১ গ'লত পৰাস্ত কৰিছিল।

দলটোৱে এইবাৰ বলিভিয়াক ৫-০ গ'লত পৰাস্ত কৰিছে। পৰৱৰ্তী মেচখন তেওঁলোকে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে খেলিব।  

দুখন মেচ জয়ৰে গ্ৰুপ চিৰ পইণ্ট টেবুলত শীৰ্ষত থকা উৰুগুৱেক শুকুৰবাৰে মেচখনত প্ৰথম অৰ্ধতে ৮ মিনিটিত ফাকুণ্ডো পেলিষ্ট্ৰীয়ে প্ৰথমটো সফলতা দিয়ে। ইয়াৰ পিছত ২১ মিনিটত ডাৰউইন নুনেজে দ্বিতীয়টো গ'ল কৰে।

২-০ ব্যৱধানেৰে প্ৰথমাৰ্ধ অন্ত পৰাৰ পাছতে দ্বিতীয়াৰ্ধত দলটো অধিক আক্ৰমণাত্মক হৈ উঠে। দ্বিতীয়াৰ্ধত দলটোৰ মেক্সিমিলিয়ানো আৰাউজো, ফেডেৰিকো আৰু ৰড্ৰিগো বেণ্টাঙ্কুৰে গ'ল কৰে।

ইফালে আন এখন মেচত পানামাৰ বিৰুদ্ধে আমেৰিকা ১-২ ব্যৱধানত পৰাস্ত হয়। মেচখনত দুয়োটা দলৰ দুজন খেলুৱৈয়ে ৰেড কাৰ্ডো লাভ কৰে। মেচখনৰ ১৮ মিনিটত ৰেৰ্ড কাৰ্ড লাভ কৰে আমেৰিকাৰ টিমোথি উইহায়ে।

ইয়াৰ পিছত ১০ জন খেলুৱৈয়ে পানামাৰ বিৰুদ্ধে খেলিবলগীয়া হয়। উত্তেজনাপূৰ্ণ মেচখনৰ শেষ মুহূৰ্তত পানামাৰ আদালবেৰ্টোয়েও ৰেড কাৰ্ড লাভ কৰে। মেচখনত পানামাৰ হৈ গ'ল কৰে ছেছাৰ ব্লেকমেন আৰু জোছে ফাজাৰ্ডোৱে। আমেৰিকাৰ হৈ একমাত্ৰ গ'লটো কৰে ফোলাৰিন বালোগানে।

উল্লেখ্য যে, প্ৰতিযোগিতাখনত গ্ৰুপৰ প্ৰতিটো দলে দুখনকৈ মেচ খেলিছে। উৰুগুৱে পইণ্ট টেবুলৰ শীৰ্ষত অৱস্থান কৰিছে। আমেৰিকা আৰু পানামা তিনি পইণ্ট পিছত আছে। এতিয়াও কোনো পইণ্ট লাভ কৰা নাই বলিভিয়াই।

শেষ ৰাউণ্ডত উৰুগুৱেয়ে খলিব আমেৰিকাৰ বিৰুদ্ধে। পানামাই খেলিব বলিভিয়াৰ বিৰুদ্ধে। উৰুগুৱেয়ে অন্তিম মেচত ড্ৰ' খেলিলেই নক আউটত উপনীত হ'ব। নক আউটত উপনীত হ'বলৈ আমেৰিকা আৰু পানামাই বিজয় অৰ্জন কৰাটো বাধ্যতামূলক।

আমেৰিকাৰ বাবে নক আউটত উপনীত হোৱাটো যথেষ্ট কঠিন। কিয়নো তেওঁলোকে শক্তিশালী উৰুগুৱেৰ বিৰুদ্ধে খেলিব লাগিব। পানামাই যদি বলিভিয়াক পৰাস্ত কৰে তেন্তে পানামাও নক আউটত প্ৰৱেশ কৰিব।

বলিভিয়াক ৫-০ গ'লত পৰাস্ত কৰি পইণ্ট টেবুলৰ শীৰ্ষত উৰুগুৱেঃ আমেৰিকা, পানামাৰ দুজনক ৰেড কাৰ্ড...
ইংলেণ্ডক পৰাস্ত কৰি ফাইনেললৈ ৰাজকীয় প্ৰৱেশ ৰোহিত বাহিনীৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in