/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/c112bb72-7514-4524-b49e-08d1ebd4bd8e/490.jpg)
ডিজিটেল ডেস্ক : ছেমি ফাইনেলত অন্ত পৰিল ইংলেণ্ডৰ বিশ্বকাপ অভিযান। পুনৰ বেটে-বলে পৰাক্ৰম দেখুৱাই ইংলেণ্ডৰ বিপক্ষে ৰাজকীয় বিজয় সাৱ্যস্ত কৰিছে টীম ইণ্ডিয়াই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/7288d588-dac3-4402-a08f-fbddd1e2a9cd/GRGxe2waUAAExXf.jpg)
টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন দাঙি ধৰে ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতে। বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা মেচখনত ৬৮ ৰানৰ বিশাল ব্যৱধানত জয়ী হয় ভাৰত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/a80eb412-4c67-4a68-8326-815214536637/GRGxgmCawAAX6wr.jpg)
টছত পৰাভূত হৈ পোনতে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি ভাৰতে নিৰ্ধাৰিত অভাৰত ১৭১ ৰান কৰিবলৈ সক্ষম হয়। এই ৰানৰ মূলতে অধিনায়ক ৰোহিত শৰ্মাৰ বিস্ফোৰক অৰ্ধশতক। তেঁও ২টা ছিক্স আৰু ৬টা চাৰিৰে ৩৯টা বলত ৫৭ ৰান সংগ্ৰহ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/ba4e1a6b-a306-4737-9436-3a54b434ff83/GRG1vzcbAAAjIbH.jpg)
অৱশ্যে পুনৰ আশানুৰূপ প্ৰদৰ্শন দাঙি ধৰাত ব্যৰ্থ হয় বিৰাট কোহলি। কোহলিয়ে মাত্ৰ ৰান কৰিয়েই পেভিলিয়নমুখী হয়।
ভাৰতৰ এই পৰ্বতসম ৰান গঢ়াৰ ক্ষেত্ৰত সূৰ্যকুমাৰ যাদৱ আৰু হাৰ্ডিক পাণ্ডিয়াই নিৰ্ণায়ক ভূমিকা পালন কৰে। অৰ্ধশতকৰ পৰা বঞ্চিত হোৱা সূৰ্যৰ বেটৰ পৰা আহে ৪৭ ৰান। ইফালে কিছু সময়ৰ বাবে ইংলেণ্ডৰ বলাৰে আধিপত্য চলোৱাৰ সময়ত মেচৰ শেষৰ ফালে পাণ্ডিয়া ২৩ আৰু জাডেজাই ১৭ ৰানৰ উল্লেখনীয় বৰঙণি যোগাই দলৰ স্ক’ৰ বৃদ্ধি কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/b37e3751-f637-4068-9fba-130e41748fc2/GRG1xjFa4AEjZ2y.jpg)
ভাৰতে বান্ধি দিয়া বিজয় লক্ষ্য অতিক্ৰম কৰিবলৈ যোৱা ইংলেণ্ডৰ ২৬ৰানতে প্ৰথমটো উইকেটৰ পতন ঘটে। নিৰ্ভৰযোগ্য বলাৰ বুমৰাহৰ বলিঙত অপেনাৰ ফিল ছল্ট মাত্ৰ ৫ৰান কৰিয়েই বিদায় মাগে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/cdf52c36-b4dc-4391-8881-90d41fbab1c4/GRG2abHaAAAb7Eg.jpg)
ইয়াৰ পাছৰ পৰাই আৰম্ভ হয় ইংলেণ্ডৰ উইকেট পতনৰ যাত্ৰা। ভাৰতীয় বলাৰৰ নিয়ন্ত্ৰিত বলিং আক্ৰমণ সন্মুখত তিষ্ঠিব নোৱাৰি তাচপাতৰ দৰে খহে ইংলেণ্ডৰ বেটিং লাইন আপ। স্পীনবান্ধৱ পিটছৰ সুবৰ্ণ সুযোগ গ্ৰহন কৰে কুলদীপ যাদৱ আৰু অক্ষৰ পেটেলে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/2d8b4c1b-b31f-4d97-b7e0-7cb4e9204d6e/GRG2b89aAAAuC8n.jpg)
দুয়োগৰাকী বলাৰেই আছিল ইংলেণ্ডৰ বেটাৰৰ বাবে মূৰৰ কামোৰণিসদৃশ। দুয়োৰে স্পীন আক্ৰমণত ত্ৰাহি মধূসুধন দেখা ইংলেণ্ডৰ বেটাৰে প্ৰত্যাহ্বান জনোৱা ক্ষমতা হেৰুৱাই পেলোৱা পৰিলক্ষিত হয়। ফলত ১৬.৪ অভাৰত ১০৩ ৰানতে ইনিংছ সামৰি পৰাজয় স্বীকাৰ কৰিবলৈ বাধ্য হয় ইংলেণ্ড।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/2e012e6f-63ac-4b23-8a9b-b43f505ca9e5/GRGnUZ2bwAAmT7u.jpg)
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে কালিৰ মেচখনত লাভ কৰা উইকেটৰ সংখ্যাৰে টি-২০ আন্তৰ্জাতিক মেচত কুলদীপ যাদৱে ২০০টা উইকেট দখল কৰে। ইফালে অধিনায়ক হিচাপে ৰোহিত শৰ্মাই আন্তৰ্জাতিক কেৰিয়াৰত ৫০০০ ৰান সম্পূৰ্ণ কৰে।
Also Read: ভাৰত-জিম্বাব'ৱে শৃংখলা : নিতীশৰ স্থানত অলৰাউণ্ডাৰ শিৱম ডুবেক অন্তৰ্ভূক্তি