বিশ্ব চেম্পিয়নক পৰাস্ত কৰি দেশৰ ১ নং স্থানৰ দবা খেলুৱৈ হিচাপে স্বীকৃত আৰ প্ৰজ্ঞানন্দ...

বিশ্ব চেম্পিয়নক পৰাস্ত কৰি দেশৰ ১ নং স্থানৰ দবা খেলুৱৈ হিচাপে স্বীকৃত আৰ প্ৰজ্ঞানন্দ...
বিশ্ব চেম্পিয়নক পৰাস্ত কৰি দেশৰ ১ নং স্থানৰ দবা খেলুৱৈ হিচাপে স্বীকৃত আৰ প্ৰজ্ঞানন্দ...

ডিজিটেল ডেস্কঃ দেশৰ এক নং স্থানৰ দবা খেলুৱৈ হিচাপে স্বীকৃতি লাভ কৰিলে ৰমেশবাবু প্ৰজ্ঞানন্দই। মঙ্গলবাৰে নিশা নেডাৰলেণ্ডৰ ৱিক এন জিত টাটা ষ্টীল মাষ্টাৰ্ছত বিশ্ব চেম্পিয়ন ডিং লিৰেনক পৰাস্ত কৰে।

কেৱল সেয়াই নহয় তেওঁ ভাৰতৰ এক নং স্থানৰ দবা খেলুৱৈ হিচাপে স্বীকৃতি লাভ কৰিছে। এই ক্ষেত্ৰত তেওঁ বিশ্ব চেম্পিয়ন বিশ্বনাথ আনন্দকো অতিক্ৰম কৰিছে। এই মুহূৰ্তত প্ৰজ্ঞানন্দৰ ৰেটিং পইণ্ট ২৭৪৮.৩। আনহাতে বিশ্বনাথ আনন্দৰ ৰেটিং পইণ্ট ২৭৪৮।

খেলৰ আৰম্ভণিৰ পৰাই প্ৰজ্ঞানন্দই আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল। এই প্ৰতিযোগিতাখনত চাৰিটা ৰাউণ্ডত এয়া আছিল প্ৰথম জয়। ইয়াৰ পূৰ্বে তিনিটা ৰাউণ্ডত তেওঁ ড্ৰ খেলিলে।

কাকতলীয়ভাৱে বিগত বছৰতো তেওঁ এই প্ৰতিযোগিতাখনত ডিং লিৰেনক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল। সেই সময়ত লিৰেন আছিল বিশ্বৰ দুই স্থানৰ খেলুৱৈ।

সাম্প্ৰতিক সময়ত প্ৰজ্ঞানন্দই এজনৰ পিছত এজনকৈ বিশ্বৰ শীৰ্ষ স্থানৰ দবা খেলুৱৈক পৰাস্ত কৰিবলৈ সক্ষম হৈছে। তেওঁ কেইবাবাৰো পৰাস্ত কৰিছে মেগনাছ কাৰ্লচেনক। ৰেংকিঙৰ শীৰ্ষ স্থানীয় খেলুৱৈক পৰাস্ত কৰাটো প্ৰজ্ঞানন্দৰ বাবে সাধাৰণ কথা হৈ পৰিছে।

বিশ্ব চেম্পিয়নক পৰাস্ত কৰি দেশৰ ১ নং স্থানৰ দবা খেলুৱৈ হিচাপে স্বীকৃত আৰ প্ৰজ্ঞানন্দ...
পাকিস্তানত ইৰানৰ এয়াৰষ্ট্ৰাইকঃ প্ৰতিশোধৰ হুংকাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in