![বেটে-বলে পৰাক্ৰমঃ WPLত চেম্পিয়ন RCB](https://img-cdn.thepublive.com/fit-in/1280x960/filters:format(webp)/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/c18e7bc7-0745-4d6f-953a-e35f5a1ba1c2/jjjs.jpg)
ডিজিটেল ডেস্কঃ মহিলা প্ৰিমিয়াৰ লীগৰ দ্বিতীয় সংস্কৰণত বেটে-বলে পৰাক্ৰম দেখালে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে। যোৱা দেওবাৰে অনুষ্ঠিত হোৱা ফাইনেল মেচত দলটোৱে দিল্লী কেপিটেলছৰ বিৰুদ্ধে আঠ উইকেটত জয়ী হয়। ইয়াৰ লগে লগে মহিলা প্ৰিমিয়াৰ লীগৰ দ্বিতীয় সংস্কৰণত চেম্পিয়ন হিচাপে বিবেচিত হয় দলটো।
জয়ৰ বাবে ১১৪ ৰানৰ লক্ষ্য অনুসৰণ কৰি ১৯.৩ অভাৰত দুই উইকেট হেৰুৱাই ১১৫ ৰান কৰি বিজয় সাব্যস্ত কৰে বাংগালোৰে। অধিনায়ক স্মৃতি মান্ধানাই ৩১ ৰান কৰাৰ উপৰিও এলিছ পেৰিৰ বেটৰ পৰা আহে ৩৫ ৰান। শেষৰফালে ৰিচা ঘোষে খৰতকীয়াকৈ ১৭ ৰান সংগ্ৰহ কৰে।
ইয়াৰ পূৰ্বে অৰুণ জেটলী ষ্টেডিয়ামত টচত জয়ীহৈ দিল্লীৰ অধিনায়ক মেগ লেনিঙে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। কিন্তু তেওঁৰ এই সিদ্ধান্ত ভুল প্ৰমাণিত হয়। বাংগালোৰৰ নিয়ন্ত্ৰিত বলিংৰ সন্মুখত দিল্লীয়ে ১৮.৩ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই সংগ্ৰহ কৰে মাত্ৰ ১১৩ ৰান।
চেফালী বাৰ্মাই সৰ্বাধিক ৪৪ আৰু অধিনায়ক লেনিঙে কৰে ২৩ ৰান। বাংগালোৰৰ শ্ৰীয়ানকা পাটিলে ৩.৩ অভাৰত মাত্ৰ ১২ ৰানদি দখল কৰে চাৰিটা উইকেট। ইয়াৰ উপৰিও চফিয়া মনিনেক্সে তিনিটা আৰু আশা চোবহানাই দুটা উইকেট দখল কৰে।
Also Read: ৮৫বছৰৰ উৰ্ধৰ ব্যক্তিয়ে ঘৰতেই দিব পাৰিব ভোটঃ ধেমাজি জিলা আয়ুক্তৰ সংবাদমেল...