৮৫বছৰৰ উৰ্ধৰ ব্যক্তিয়ে ঘৰতেই দিব পাৰিব ভোটঃ ধেমাজি জিলা আয়ুক্তৰ সংবাদমেল...

৮৫বছৰৰ উৰ্ধৰ ব্যক্তিয়ে ঘৰতেই দিব পাৰিব ভোটঃ ধেমাজি জিলা আয়ুক্তৰ সংবাদমেল...

author-image
Asomiya Pratidin
New Update
৮৫বছৰৰ উৰ্ধৰ ব্যক্তিয়ে ঘৰতেই দিব পাৰিব ভোটঃ ধেমাজি জিলা আয়ুক্তৰ সংবাদমেল...

ডিজিটেল সংবাদ ,ধেমাজিঃ অহা ১৯এপ্ৰিলত প্ৰথম পৰ্য্যায়ত অনুষ্ঠিত হ'ব লগা লোক সভাৰ নিৰ্বাচনকলৈ ধেমাজি জিলা নিৰ্বাচনী বিভাগে দেওবাৰে  জিলা আয়ুক্ত কাৰ্য্যালয়ৰ  সভাগৃহত এখনি সংবাদমেল অনুষ্ঠিত কৰে৷ ধেমাজি জিলা আয়ুক্ত অংকুৰ ভৰালীয়ে সংবাদমেল সম্বোধন কৰি কয় যে ধেমাজি জিলাখনত এইবাৰ নতুন সমষ্টি চিচিবৰগাঁও বিধান সভাৰ  সমষ্টিক লৈ জিলাখনত তিনিটা সমষ্টি হৈছে ৷

Advertisment

ইয়াৰে ধেমাজি আৰু চিচিবৰগাঁও সমষ্টিটো ধেমাজ নিৰ্বাচনী বিভাগৰ দ্বাৰা আৰু জোনাই বিধান সভা সমষ্টিটো জোনাই নিৰ্বাচনী বিভাগৰ দ্বাৰা কামকাজ পৰিচলিত হ'ব বুলি উল্লেখ কৰে৷ আয়ুক্ত গৰাকীয়ে উল্লেখ কৰামতে ৭৮ নং ধেমাজি আৰু ৭৯নং চিচিবৰগাঁও সমষ্টি সৈতে দুয়োটা সমষ্টিৰ মুঠ ৩৯৩ টা ভোটগ্ৰহন কেন্দ্ৰৰ  মুঠ ভোটৰ সংখ্যা হৈছে   ৩৪৮,৭৮৭ গৰাকী ৷

ইয়াৰে ৭৮ নং ধেমাজি বিধান সভা সমষ্টিৰ বাবে ১৯২ টা ভোটগ্ৰহন কেন্দ্ৰৰ বাবে মুঠ ভোটৰ সংখ্যা হৈছে  ১৭২,৫০৮ গৰাকী ৷ একেদৰে ৭৯ নং চিচিবৰগাঁও সমষ্টিৰ ২০১টা ভোটগ্ৰহন কেন্দ্ৰৰ বাবে ভোটৰ সংখ্যা হৈছে  ১৭৬,২৭৯ গৰাকী৷ ইয়াৰ উপৰিও এইবাৰ দিবাংগ ভোটাৰ সংখ্যা হৈছে ২১৯৫ গৰাকী৷ ইয়াৰে ধেমাজি সমষ্টিৰ বাবে ১২৭০ গৰাকী আৰু চিচিবগাওঁ সমষ্টিৰ বাবে ৯২৫ গৰাকী ৷

উল্লেখ্য যে দুয়োটা সমষ্টিতে থকা জ্যেষ্ঠ নাগৰিক হিচাপে মুঠ ভোটাৰ সংখ্যা হৈছে ২১৫৭ গৰাকী৷ আয়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ামতে ৮৫ বছৰ  ওপৰৰ বয়জ্যেষ্ঠ লোকসকলে ইচ্ছা কৰিলে তেওঁলোকে ঘৰতে থাকি ভোটদান কৰিব পাৰিব ৷ নিৰ্বাচনী বিভাগৰ নিৰ্দেশ অনুসৰি এইবাৰ দুয়োটা সমষ্টিতে মুঠ ২১৭ ভোটগ্ৰহন কেন্দ্ৰত ওৱেভকাষ্টটিং পোলিং ষ্ট্ৰেচন হিচাপে ব্যৱস্থা গ্ৰহন কৰা হৈছে ৷ ইয়াৰ জৰিয়তে নিৰ্বাচনী বিভাগে প্ৰতিটো সময়তে নিৰিক্ষণ কৰি থাকিব ৷

ইয়াৰ উপৰিও এইবাৰ ই ভি এম নিয়া প্ৰত্যকখন গাড়ীতেই জি পি এছ সংযোগ কৰা ব্যৱস্থা হৈছে বুলিও আয়ুক্ত গৰাকীয়ে উল্লেখ কৰে ৷ ধেমাজিত এইবাৰ ১০ টা পোলিং আৰু পিজাইটিঙৰ মহিলা ভোটগ্ৰহন কেন্দ্ৰৰ ব্যৱস্থা কৰা হৈছে ৷ইয়াৰে চাৰিটা ভোটগ্ৰহন কেন্দ্ৰক মডেল ভোটগ্ৰহন কেন্দ্ৰ হিচাপে চিহ্নিত কৰিব ৷ নিৰ্বাচনী কামকাজত নিয়োজিত সকলো কৰ্মচাৰী বাবে নিৰ্বাচনী বিধি অনুসৰি  পোষ্টেল বেলটৰ ব্যৱস্থা থাকিব ৷

ইয়াৰ বাবে আগতীয়াকৈ কৰ্মচাৰী সকলে ফৰ্ৰমত আবেদন কৰিব লাগিব ৷ জিলা আয়ুক্ত গৰাকীয়ে উল্লেখ কৰামতে অহা  ২০ মাৰ্চত মনোনয়নপত্ৰৰ জাননী জাৰি কৰিব আৰু মনোনয়নপত্ৰৰ অন্তিম দিন ২৭ মাৰ্চ ৷ একেদৰে মনোনয়নপত্ৰ পৰীক্ষা হ'ব  ২৮ মাৰ্চত আৰু  মনোনয়নপত্ৰ প্ৰত্যাহাৰৰ শেষ দিন ৩০ মাৰ্চত ৷ 

সংবাদমেলত ধেমাজি আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায় ,জিলা উন্নয়ন  আয়ুক্ত বিশ্বজিৎ ফুকন  , জিলা পৰিষদৰ কাৰ্য্যবাহী বিষয়া বিতুপন নেওগ ,  জিলা অতিৰিক্ত আয়ুক্ত দ্বয় ড° সঞ্জীৱ ফুকন আৰু ঋতুপল্লৱ বৰুৱা , ধেমাজি  নিৰ্বাচনী বিষয়া ৰুবী ৰায় , অতিৰিক্ত আয়ুক্ত দ্বয়  প্ৰীতিৰেখা গগৈ আৰু চিমা দেবী ইয়েনকে ধৰি জিলা  প্ৰশাসনৰ বহুকেইগৰাকী বিষয়াবৰ্গই উপস্থিত থাকে৷

Also Read: লুৰীণজ্যোতি কংগ্ৰেছৰ ভৰিত পৰা বুলি অভিযোগ আনি অসম জাতীয় পৰিষদ এৰিলে সম্পাদকে...

ধেমাজি ধেমাজি জিলা আয়ুক্ত