বিশ্বকাপৰ দলত থাকিবনে বিৰাট? চীফ চিলেক্টৰ অজিত আগাৰকাৰে দিলে ইংগিত...

নিৰ্বাচকৰ প্ৰথম পচন্দৰ তালিকাত নাই বিৰাট

author-image
Asomiya Pratidin
New Update
বিশ্বকাপৰ দলত থাকিবনে বিৰাট? চীফ চিলেক্টৰ অজিত আগাৰকাৰে দিলে ইংগিত...

বিশ্বকাপৰ দলত থাকিবনে বিৰাট? চীফ চিলেক্টৰ অজিত আগাৰকাৰে দিলে ইংগিত...

ডিজিটেল ডেস্কঃ আই পি এলৰ পাছতে ৱেষ্ট ইণ্ডিজ আৰু মাৰ্কিন যুক্ত ৰাষ্ট্ৰত অনুষ্ঠিত হ'ব টি-২০ বিশ্বকাপ। এই বিশ্বকাপ দলত বিৰাট কোহলিয়ে স্থান লাভ কৰিবনে? এই প্ৰশ্নই দেশৰ ক্ৰিকেট অনুৰাগীৰ মাজত চৰ্চিত হৈ আহিছে।

Advertisment

চলিত এপ্ৰিল মাহৰ শেষৰ সপ্তাহত আই পি এলৰ মাজতে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে টি-২০ বিশ্বকাপৰ বাবে ঘোষণা কৰিব ভাৰতীয় ক্ৰিকেট দলটো। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি বিৰাট কোহলি যদিও নিৰ্বাচকৰ তালিকাত আগস্থান পোৱা নাই তথাপিও শেষ মুহূৰ্তত তেওঁক দলত স্থান দিবলৈ বাধ্য।

চলিত আই পি এলত বিৰাট কোহলিয়ে অনন্য প্ৰদৰ্শন দাঙি ধৰিছে। তেওঁৰ বেটৰ পৰা আহিছে শতকীয় ইনিংছ। শাৰীৰিকভাৱেও তেওঁ যথেষ্ট ফিট। যদিও আৰ চি বিয়ে চলিত আই পি এলত বিশেষ সফলতা লাভ কৰা নাই তাৰ পাছতো বিৰাট উজলি উঠিছে।

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ মুখ্য নিৰ্বাচক অজিত আগাৰকাৰে বিৰাটৰ প্ৰসংগত কৈছে, বিৰাটলৈ লক্ষ্য কৰা উচিত। তেওঁ যথেষ্ট মাইলষ্টন গঢ়িবলৈ সক্ষম হৈছে। ১০/১৫ বছৰ তেওঁ খেলি আছে। এতিয়াও বিৰাট যথেষ্ট ফিট। তাৰ ফলাফলো তেওঁ লাভ কৰিছে।আই পি এলৰ ৫ খন মেচত ৩১৬ ৰাণ সংগ্ৰহ কৰিছে।

আগৰকাৰে কয়, কোহলিৰ ফিটনেছ দেখি তৰুণ প্ৰজন্মও আকৰ্ষিত হৈছে। তেওঁক দেখিয়েই তৰুণ প্ৰজন্মই ফিটনেছ ধৰি ৰাখিবলৈ যত্ন কৰিছে।যোৱা ১৫/২০ বছৰ ধৰি ফিটনেছৰ দিশৰ পৰা ক্ৰিকেটাৰসকলৰ মাজত যথেষ্ট পাৰ্থক্য লক্ষ্য কৰা যায়।

অজিত আগাৰকাৰৰ এনে মন্তব্যই স্বাভাৱিকতে বিৰাটক টি-২০ বিশ্বকাপ দলত অন্তৰ্ভুক্তিৰ এক ইংগিত প্ৰদান কৰিছে। বিৰাটে যিধৰণে প্ৰদৰ্শন দাঙি ধৰিছে সেই প্ৰদৰ্শনৰ পাছত তেওঁক যদি দলৰ পৰা বাদ দিয়া হয় তেন্তে কি কাৰণত তেওঁক বাদ দিয়া হ'ব তাৰ কোনো উত্তৰ নাই ব'ৰ্ডৰ হাতত।

Also Read: ১১ আহোম সংগঠনৰ অভিযোগঃ গৌৰৱ গগৈয়ে অপমান কৰিছে তেওঁলোকক...

টি-২০ বিশ্বকাপ বিৰাট কোহলি