ব্ৰাজিলিয়ান অভিধানত স্থান লাভ কৰিলে কিংবদন্তি ফুটবলাৰ পেলেই

ব্ৰাজিলিয়ান অভিধানত স্থান লাভ কৰিলে কিংবদন্তি ফুটবলাৰ পেলেই

ডিজিটেল ডেস্ক : এডচন আৰান্টেছ । ব্ৰাজিলৰ অলিয়ে গলিয়ে ফুটবল খেলি ডাঙৰ হোৱা এটি কিশোৰ । পিতৃয়েও স্থানীয় ক্লাব এটাৰ বাবে খেলিছিল ফুটবল । পিতৃৰ দলটোৰ গ'লৰক্ষকজন প্ৰিয় ফুটবলাৰ হোৱা বাবে হকে বিহকে তেওঁৰেই নাম লৈ থাকে এডচনে । তেনেকেই পুৰণি ফটা জোতা পিন্ধি কিশোৰ সকলৰ মাজত মেচবোৰত অংশ লয় এডচন আৰু তেওঁৰ লগৰসকলে ।

ফটা জোতাৰে খেলি খেলিয়েই এদিন স্থান লাভ কৰিলে ব্ৰাজিলৰ ঐতিহাসিক ক্লাব ছান্টোছত । ব্ৰাজিল চৰকাৰে ঘোষণা কৰিলে ৰাষ্ট্ৰীয় সম্পদৰূপে । অৰ্থাৎ তেওঁ এতিয়া কেৱল ব্ৰাজিলৰ হৈয়ে খেলিব লাগিব । সমগ্ৰ বিশ্বই নাম দিলে ক'লা হীৰা ৰূপে । এইগৰাকী খেলুৱৈ আন কোনো নহয় বৰং পেলে । ফুটবল জগতৰ সম্ৰাট পেলে ।

এই পেলেৰ নাম ব্ৰাজিলৰ এখন পৰ্টুগীজ ভাষাৰ অভিধানে যুক্ত কৰিলে বিশেষণৰূপে । পেলেৰ অৰ্থ হেনো অতুলনীয়-অসাধাৰণ । মিখায়েলিছ নামৰ এই অভিধানখনত আছে প্ৰায় ১ লাখ ৬৭ হাজাৰৰো অধিক শব্দ ।

বিশ্বৰ প্ৰায় ২৬ কোটি ৫০ লাখৰো অধিক লোকে পৰ্টুগীজ ভাষা ব্যৱহাৰ কৰে । পেলে শব্দটিক বিশেষণ হিচাপে অন্তৰ্ভুক্ত কৰাবলৈ যৌথভাৱে প্ৰচেষ্টা চলাই আছিল পেলে ফাউণ্ডেচন, ছান্টোছ ক্লাব আৰু ব্ৰাজিলিয়ান টিভি চেনেল স্প'ৰ্টিভিয়ে ।

তিনিবাৰৰ বিশ্বকাপজয়ী কিংবদন্তি ফুটবলাৰগৰাকীৰ প্ৰতি আগবঢ়োৱা এই সন্মানত অভিভূত হৈ পৰিছে সমগ্ৰ বিশ্বৰ ক্ৰীড়াপ্ৰেমীসকল ।

ব্ৰাজিলিয়ান অভিধানত স্থান লাভ কৰিলে কিংবদন্তি ফুটবলাৰ পেলেই
তিতাবৰ অসম-নাগালেণ্ড বেকাজানৰ চাৰিখন গাঁৱলৈ নগাৰ ভাবুকি পত্ৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in