তিতাবৰ অসম-নাগালেণ্ড বেকাজানৰ চাৰিখন গাঁৱলৈ নগাৰ ভাবুকি পত্ৰ...

তিতাবৰ অসম-নাগালেণ্ড বেকাজানৰ চাৰিখন গাঁৱলৈ নগাৰ ভাবুকি পত্ৰ...

ডিজিটেল সংবাদ, বেকাজান : কিছুদিন পূৰ্বে নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতি অসম আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰীয়ে দুয়োখন ৰাজ্যৰ সীমাৰ সমস্যাৰ সমাধানত ক্ষেত্ৰত বুজাবুজিত উপনিত ঘোষণা কৰিলেও আজি তিতাবৰ সমষ্টিৰ বেকাজানত নগাই অসমীয়া লোকক ভাবুকি পত্ৰ প্ৰেৰণ কৰাক লৈ সম্প্ৰতি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ।

বেকাজানৰ ৰাইজ জানিবলৈ দিয়ামতে নাগালেণ্ডৰ ৱাখা জিলাৰ ভাণ্ডাৰী মহকুমাৰ চাংপাং গাঁৱৰ ভিলেজ কাউন্সিলে যোৱা ২৪ এপ্ৰিলত চেয়াৰমেন জামবেম্বো য়ানথান আৰু চেক্ৰেটৰী ৰিভোঙথান কিথানৰ স্বাক্ষৰিত এক ভাবুকি ভৰা নিৰ্দেশ পত্ৰ বেকাজান আৰক্ষী চকী, বেকাজান পঞ্চায়ত, গড়াজান গাওঁ, বালিজান আৰু বাষষ্ঠি ঘৰীয়া গাঁৱলৈ প্ৰেৰণ কৰে ।

পত্ৰখনত নগাই উল্লেখ কৰিছে যে নাগালেণ্ডৰ চাংপাং বস্তিৰ এলেকাত যদি উল্লেখিত অসমীয়া গাঁৱৰ গৰু, ছাগলী আৰু মহ প্ৰবেশ কৰি শস্য বা গছ গছনি নষ্ট কৰে তেতিয়া দোষী সাব্যস্ত হব লাগিব । তদুপৰি যদি অসমৰ কোনো লোক প্ৰবেশ কৰি নাগালেণ্ডৰ পৰা খৰি সংগ্ৰহ তথা গছ বন কাটি থকা হাতে লোটে ধৰা পৰে তেতিয়া ১০হাজাৰ টকা জৰিমনা ভৰিব লাগিব।

আৰু প্ৰয়োজন বোধ কৰি চাংপাং ভিলেজ কাউন্সিলে যিকোনো শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰে বুলি সকীয়নি প্ৰদান কৰিছে । চাংপাং ভিলেজ কাউন্সিলে অসমীয়া লোকক প্ৰবেশ নকৰিবলৈ এনেদৰে ভাবুকি পত্ৰ প্ৰেৰণ কাৰ্যত বেকাজান, গড়াজান আৰু বালিজান সীমান্তৰ গাঁৱৰ ৰাইজৰ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰাই নহয় উত্তেজনা সৃষ্টি কৰিছে । সীমান্তবাসী ৰাইজে অভিযোগ কৰামতে চুবুৰীয়া নগাসকলে এদেও দুদেও লোটা নিয়া চেওৰ আচিলা সম্প্ৰতি তিতাবৰ মহকুমাৰ সীমান্তত পানীখেতিৰ পৰা বান্দৰচলিয়ালৈ অতি কমেও পাঁচ ছয়খন ক্ষুদ্ৰ নগা গাওঁ গঢ়ি তুলিছে ।

ইয়াৰ চেনিজান গাঁৱৰ সমীপত লুংচিৰি বস্তি, এশঘৰীয়া গাঁৱত চাংপাং, বালিজান চাৰি আলিত, চাংপাং বস্তি গড়াজান শিলডুবিত মেদেলুৱাজানত মিথেহি বস্তি আৰু বান্দৰচলিয়া পানীনৰাতো নগাই ৰবৰ, চেগুন বাগিচা গঢ়ি তোলাৰ লগতে আৰু গীৰ্জা গঢ়ি স্থাপন কৰি গজগজীয়া হৈ পৰিছে ।

সম্প্ৰতি বিবাদমান এলেকাত নগাই স্থাপন কৰা এনে বাগিচাত অসমীয়া লোকৰ প্ৰবেশ নিষিদ্ধ ঘোষণা কৰি অসমৰ গৰু ছাগলী প্ৰবেশ কৰিলেই দহ হাজাৰ টকাৰ জৰিমনা বিহাৰ ভাবুকি প্ৰদান কৰিছে ।

অন্য এক সূত্ৰৰ মতে নগা বিদ্ৰোহী গোট জড়িত থাকিব পাৰে কিয়নো যোৱা ২০ এপ্ৰিলত অসম আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰীয়ে বিবদমান এলেকাত যৌথভাৱে খাৰুৱা তেল অন্বেষণৰ বাবে সন্মত হৈ বুজাবুজি চুক্তি স্বাক্ষৰ কৰিবলৈ আগবাঢ়িছিল ।

তিতাবৰৰ মহকুমাৰ বৰহোলাৰ অসম-নাগালেণ্ড বেকাজান সীমান্তত প্ৰচুৰ পৰিমাণৰ খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ থকাৰ বাবে নগাই ক্ষুদ্ৰ ক্ষুদ্ৰ গাওঁ স্থাপন কৰি নিজৰ বুলি দাবী আৰম্ভ কৰিছে ।

এতিয়াও সীমা নিৰ্ধাৰণ নোহোৱাৰ বাবে নগাই অতি কৌশলেৰে অঞ্চলত নিজৰ বুলি দাবী কৰি এনেদৰে পত্ৰ প্ৰেৰণ কৰিছে।

উল্লেখযোগ্য যে বিগত বছৰত পানীখেতি অঞ্চলটো নগা অসমৰ মাটি ঘৰ সাজি দখল কৰিবলৈ চেষ্টা কৰিছিল যদিও বৰহোলা আৰক্ষীয়ে সেই ঘৰ ভাঙি উচ্ছেদ কৰিছিল। সম্প্ৰতি পুন বেকাজানত নগাই এইবাৰ আৰক্ষী চকী আৰু পঞ্চায়ত লৈ নিৰ্দেশনা পত্ৰ প্ৰেৰণ কৰি ভাবুকি দিয়াত চাৰিখন গাঁৱৰ ৰাইজৰ শংকিত হৈ পৰিছে ।

কিয়নো যিকোনো মুহূৰ্তত নগাই অসমীয়াক আক্ৰমণ কৰি পাৰে । বিষয়টো অতি স্পৰ্শকাতৰ হোৱাৰ বাবে সীমান্তৰ বেকাজানবাসী ৰাইজে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰৰ আৰু প্ৰশাসনক দাবী জনাইছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in