ভূমি উন্নয়নৰ নামত ৪৯.৯৪ লাখৰ কেলেংকাৰী : মাটিৰ পৰিৱৰ্তে জাবৰ...

ভূমি উন্নয়নৰ নামত ৪৯.৯৪ লাখৰ কেলেংকাৰী : মাটিৰ পৰিৱৰ্তে জাবৰ...

ডিজিটেল সংবাদ,নগাঁও : নগাঁৱত ভূমি উন্নয়নৰ নামত ব্যাপক কেলেংকাৰী ৷ ভূমি উন্নয়নৰ নামত খাগৰিজান উন্নয়ন খণ্ডৰ অধীনত ডাকৰঘাট পঞ্চায়তত সংঘটিত হৈছে ৪৯ লাখ ৯৪ হাজাৰ টকাৰ কেলেংকাৰী ৷

এনৰেগা আঁচনিৰ অধীনত ৰূপায়িত এই বৃহৎ পৰিমাণৰ ধন ব্যয়ৰ ক্ষেত্ৰত অনীতি সংঘটিত হোৱাৰ অভিযোগ উঠিছে যদিও ৰহস্যজনকভাৱে উন্নয়ন খণ্ডৰ বিষয়া , দায়িত্ব থকা কনিষ্ঠ অভিযন্তা , ডাকৰঘাট পঞ্চায়তৰ সচিবে মৌনতা অবলম্বন কৰাৰ অভিযোগ ৷

উল্লেখ্য় যে, ২০২১-২০২২ বৰ্ষৰ এনৰেগাৰ পুঁজিৰে মধুপুৰ শ্মশানৰ কাষত থকা এক বৃহৎ ভূ খণ্ডৰ ভূমি দীৰ্ঘ দিনে বেদখল হৈ আছিল ৷ নগাঁও জিলা প্ৰশাসনে এই বেদখল উচ্ছেদ কৰি উক্ত স্থানত এটি আৰক্ষী পহৰা চকী , বিদ্যুত পৰিষদৰ উপ সংমণ্ডল স্থাপনৰ সিদ্ধান্ত লৈছিল। সেয়ে এনৰেগাৰ জৰিয়তে ভূমি উন্নিতকৰন কৰিবলৈ ৪৯.৯৪ লাখ টকা আচঁনি গ্ৰহণ কৰি ১০ দিনৰ পৰা মাটি পেলোৱা কাম আৰম্ভ কৰা হৈছিল ৷

মাটি পেলোৱা কামৰ অঘোষিত ঠিকাদাৰ আছিল ত্ৰৈলোক্য ভূঞা ৷ ভূঞাই মাটি পেলোৱাৰ নামত নগাঁও চহৰৰ নলা পৰিস্কাৰ কৰা জাবৰ ট্ৰেক্টৰ সংগ্ৰহ কৰি উক্ত কামত ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে ৷ সাধাৰণ লোকৰ পৰা এই দুষ্কাৰ্য লুকুৱাবলৈ ঠিকাদাৰ ভূঞাই নিশা জাবৰ পেলাই ভূমি উন্নয়নৰ কাম আগবঢ়াই নিছিল ৷

৪৯.৯৪ লাখ টকাৰ কেলেংকাৰীৰ ঘটনাৰ বিষয়ে অভিযোগ লাভ কৰি বৃহস্পতি বাৰে নিশা উক্ত স্থানত উপস্থিত হয় সাংবাদিকৰ এটি দল ৷ সাংবাদিকৰ দলটো উপস্থিত হোৱাৰ পিছতে ত্ৰৈলোক্য ভূঞাই সাংবাদিকক বাতৰি সংগ্ৰহত বাধা প্ৰদান কৰে ৷ লগতে প্ৰতিদিন টাইমৰ নগাঁৱৰ সাংবাদিক বীৰেন বৰাক শাৰিৰীকভাৱে আক্ৰমণ কৰাৰ লগতে কেমেৰা ভাঙিবলৈ উদ্যাত হয় বুলি জানিব পৰা গৈছে ৷

ভূমি উন্নয়নৰ কামত চলা এই দুৰ্নীতিৰ নিশাই প্ৰতিবাদ কৰে স্থানীয় লোকে ৷ ঠিকাদাৰ ত্ৰৈলোক্য ভূঞাক ৰাইজে জাবৰ পেলাই ভূমি উন্নিত কৰা কামৰ বাবে জবাবদিহি কৰে ৷ ঘটনাস্থলীত উত্তপ্ত পৰিৱেশৰ সৃষ্টি হোৱাত নিশাই আৰক্ষী উপস্থিত হয় ৷

ইফালে সাংবাদিক বীৰেন বৰাক আক্ৰমন কৰা ঘটনাৰ সন্দৰ্ভত বৰাই নগাঁও সদৰ থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰে ত্ৰৈলোক্য ভূঞাক ৷ জানিব পৰা মতে ভূঞা ডাকৰঘাট আঞ্চলিক পঞ্চায়তৰ সদস্যা নমিতা ভূঞাৰ স্বামী ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in