/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/4d068f5d-bc0d-45f8-9faf-8f7995af6506/ind.jpg)
ডিজিটেল ডেস্কঃ বেটে-বলে উজলি উঠিছে ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় ক্ৰিকেট দল। ব'ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ প্ৰথমখন মেচত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এক ইনিংছ আৰু ১৩২ ৰানৰ বৃহৎ ব্যৱধানত জয়লাভ ভাৰতৰ।
৫ দিনৰ মেচ ৩ দিনতে সমাপ্ত। ভাৰতৰ মাটিত মুখ থেকেচা কেংগাৰু বাহিনীৰ। ৪ খনীয়া শৃংখলাৰ প্ৰথমখন মেচত জয়লাভ কৰি ভাৰত ১-০ত আগবাঢ়ি আছে। এই জয়ৰ মূলতে স্পীনাৰদ্বয় জাডেজা আৰু অশ্বিনৰ হাতৰ যাদু। অষ্ট্ৰেলিয়াৰ দুয়োটা ইনিংছতে বেটিং লাইন-আপ তাচপাতৰ দৰে খহাই পেলাই জাডেজা আৰু অশ্বিনে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/911ec3ea-74e0-4045-ad7d-c00473d669ae/CRICKET_IND_AUS_TEST_91_1675945133880_1675945133880_1675945157556_1675945157556.avif)
প্ৰথম ইনিংছত জাডেজাই ৫টা উইকেট দখল কৰে আৰু দ্বিতীয় ইনিংছত অশ্বিনে সমসংখ্যক উইকেট দখল কৰি দলৰ জয়ত অন্যতম ভূমিকা পালন কৰে। আনহাতে অধিনায়ক ৰোহিত শৰ্মাই শতক অৰ্জন কৰাৰ উপৰি শেষৰ ফালে জাডেজা আৰু অক্ষৰ পেটেলে অৰ্ধশতকীয় ইনিংছ খেলে। যাৰ ফলত ভাৰতৰ ৰান হয় গৈ ৪০০। উল্লেখ্য যে,আন্তঃৰাষ্ট্ৰীয় টেষ্ট ক্ৰিকেটত অক্ষৰ পেটেলৰ এইটো দ্বিতীয়টো অৰ্ধশতক। মেচত ৰবীন্দ্ৰ জাডেজাই প্লেয়াৰ অৱ দ্যা মেচৰ সন্মান লাভ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/01f32823-688d-401f-8632-c18df30acb55/i9q2vhsr6e3djpov_1638007363.webp)
আৰু পঢ়কঃ ৩১ সংখ্যক বাৰলৈ টেষ্ট ক্ৰিকেটত ৫ টা উইকেট সংগ্ৰহ অশ্বিনৰ...