৩১ সংখ্যক বাৰলৈ টেষ্ট ক্ৰিকেটত ৫ টা উইকেট সংগ্ৰহ অশ্বিনৰ...

সৰ্বমুঠ ১৫ টা উইকেট সংগ্ৰহ স্পীনাৰদ্বয়ৰ
সৰ্বমুঠ ১৫ টা উইকেট সংগ্ৰহ স্পীনাৰদ্বয়ৰ

ডিজিটেল ডেস্ক : অষ্ট্ৰেলিয়াৰ আশংকা সচালৈ প্ৰমাণিত কৰিলে ভাৰতীয় স্পীনাৰদ্বয় ৰবীন্দ্ৰ জাদেজা আৰু ৰবিচন্দ্ৰন অশ্বিনে । পুনৰ এবাৰ ভাৰতীয় পিটছত স্পীনাৰ কিমান ভয়ংকৰ হ'ব পাৰে সেই কথা অনুধাৱণ কৰিলে কোনো বিদেশী দলে । অৱশ্যে ভাৰতীয় পিটছ পূৰ্বৰে পৰাই লেহেমীয়া আৰু নিমিষতে গতি সলনি কৰিব পৰা বিধৰ । ইয়াৰ বাবে দায়ী নহয় পিটছ কিউৰেটৰ ।

টেষ্ট ক্ৰিকেটত সময় যোৱাৰ সৈতেই পুৰণি হয় বল আৰু পিটছৰ স্বভাৱ । সেই সুযোগ সম্পূৰ্ণৰূপে গ্ৰহণ কৰিলে ভাৰতীয় স্পীনাৰদ্বয় অশ্বিন আৰু জাদেজাই । ভাৰতীয় দলৰ প্ৰথম ইনিংছৰ অন্তত অষ্ট্ৰেলিয়া পিছ পৰি আছিল ২২৩ ৰানত । অষ্ট্ৰেলিয়াই প্ৰথম ইনিংছত সংগ্ৰহ কৰিছিল কেৱল ১৭৭ ৰান । সংহাৰী ৰূপ ধাৰণ কৰিছিল স্পীনাৰদ্বয় জাদেজা আৰু অশ্বিনে । ৪৭ ৰানৰ বিনিময়ত জাদেজাই ৫ টা উইকেট সংগ্ৰহ কৰাৰ বিপৰীতে অশ্বিনে ৪২ ৰানৰ বিনিময়ত সংগ্ৰহ কৰিছিল ৩ টা উইকেট ।

অষ্ট্ৰেলিয়াৰ দ্বিতীয় ইনিংছত পুনৰ ভয়াৱহ হৈ থিয় দিলে অশ্বিন । ৩৭ ৰানৰ বিনিময়ত সংগ্ৰহ কৰিলে ৫ টাকৈ উইকেট । সমগ্ৰ খেলখনত অশ্বিনে সংগ্ৰহ কৰিলে ৮ টাকৈ উইকেট ।

কোনো টেষ্টত এটা ইনিংছত ৩১ সংখ্যক বাৰৰ বাবে অশ্বিনে সংগ্ৰহ কৰিলে ৫ টা অথবা তাতোকৈ বেছি উইকেট । আনহাতে ৰবিন্দ্ৰ জাদেজাই সংগ্ৰহ কৰিলে সৰ্বমুঠ ৭ টাকৈ উইকেট । দুয়োজনৰে নিয়ন্ত্ৰিত বলিঙৰ সন্মুখত নিৰ্লজ আত্মসমৰ্পন শক্তিশালী অষ্ট্ৰেলিয়ান দলৰ নিৰ্ভৰযোগ্য বেটছমেনৰ । এটাৰ পাছত আনটোকৈ উইকেটৰ পতন শিক্ষা দিলে অষ্ট্ৰেলিয়াক যে দক্ষিণ-পূৱ এছিয়াৰ লেহেমীয়া পিটছত ভাৰতীয় স্পীনাৰ কিমান ভয়ংকৰ হৈ উঠিব পাৰে যিকোনো দলৰ বাবে ।

এতিয়া দ্বিতীয় টেষ্টৰ পূৰ্বে অষ্ট্ৰেলিয়াই কি নীতি গ্ৰহণ কৰে সেইয়া হ'ব লক্ষণীয় । কিয়নো সন্মুখত আছে সম্পূৰ্ণ শৃংখলা । কেৱল এখন খেলেই অষ্ট্ৰেলিয়াৰ দৰে এটি দলৰ মনোবল ভাঙিব নোৱাৰে অতি সহজে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in