৯৪ বছৰ বয়সত ১০০ মিটাৰ, ২০০ মিটাৰত সোণ আৰু ৪০০ মিটাৰত ৰূপৰ পদক জয় ভূৱন ফুকনৰ...

৯৪ বছৰ বয়সত ১০০ মিটাৰ, ২০০ মিটাৰত সোণ আৰু ৪০০ মিটাৰত ৰূপৰ পদক জয় ভূৱন ফুকনৰ...
৯৪ বছৰ বয়সত ১০০ মিটাৰ, ২০০ মিটাৰত সোণ আৰু ৪০০ মিটাৰত ৰূপৰ পদক জয় ভূৱন ফুকনৰ...

ডিজিটেল সংবাদ চিলাপথাৰঃ বয়সে হাৰ নমনা এজন প্ৰবীন ক্ৰিড়াবিদৰ কাহিনী । ৯৪ বছৰ বয়সতো লোকজনৰ উদ্যম দেখিলে তবধ মানিব আপুনি। চিলাপথাৰ শ্ৰীপানী হাতীগড়ৰ ৯৪ বছৰীয়া ককা ভূৱন ফুকনৰ শেহতীয়া সফলতাত উৎফুল্লিত চিলাপথাৰবাসী।

যোৱা ২৭ ডিচেম্বৰৰ পৰা ২৯ ডিচেম্বৰলৈকে যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ২৯ সংখ্যক সদৌ অসম মাষ্টাৰ্ছ এথলেটিকছ প্ৰতিযোগিতা-২০২৩ ৰ ৯০ বছৰ উৰ্দ্ধৰ শাখাত ৯৪ বছৰীয়া ভূৱন ফুকনে আজুৰি আনিবলৈ সক্ষম হৈছে ২টা সোণৰ আৰু এটা ৰূপৰ পদক। তেওঁ প্ৰতিযোগিতাৰ ১০০ মিটাৰ আৰু ২০০ মিটাৰ দৌৰত সোণৰ পদক অৰ্জন কৰাৰ বিপৰীতে ৪০০ মিটাৰ দৌৰত লাভ কৰিছে ৰূপৰ পদক ।

পদক জয় কৰি দেওবাৰে আবেলি শ্ৰীপানীত উপস্থিত হোৱাৰ পিছতে শ্ৰীপানীত সৃষ্টি হয় এক উৎসৱমুখৰ পৰিবেশ । বাছৰ পৰা নমাৰ লগে লগে হাতীগড় গাওঁবাসীয়ে বিপুল আদৰণি জনায় তেওঁক।

ৰাইজে সমদল কৰি ভূৱন ফুকন নামৰ এই প্ৰবীণ এথলিটজনক তেওঁৰ ঘৰলৈকে আদৰি আনি এক উৎসৱমুখৰ পৰিবেশ সৃষ্টি কৰে । ফটকা ফুটাই আবতৰীয়া দেৱালী পাতে উৎফুল্লিত ৰাইজে ।

ইয়াৰোপৰি গাঁৱৰ নামঘৰলৈ নি ৰাজহুৱা আদৰণি জনায় প্ৰবীণ খেলুৱৈগৰাকীক । কেৱল এয়াই নহয় পূৰ্বেও কেইবাখনো ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে এইজন প্ৰবীণ খেলুৱৈয়ে ।

২০১৭ চনৰ ফেব্ৰুৱাৰী মাহত হায়দৰাবাদত অনুষ্ঠিত ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ এথলেটিকছ চেম্পিয়নশ্বিত দুটা সোণৰ আৰু এটা ৰূপৰ, বেংগালুৰুত ২০১৮ চনত অনুষ্ঠিত ৩৯ সংখ্যক খেলত দুটা সোণৰ আৰু এটা ৰূপৰ, ২০২০ চনত ইম্ফলত অনুষ্ঠিত ৪১ সংখ্যক ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ এথলেটিকছ চেম্পিয়নশ্বিপতো এটা ৰূপৰ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰিছিল তেওঁ। যিসময়ত ভূৱন ফুকনৰ বয়সৰ লোকে হৰিণামত মত্ত থাকি সময় পাৰ কৰে সেই সময়ত এইদৰে তেওঁ লাভ কৰা সফলতা এতিয়া বহুতৰ বাবে প্ৰেৰণা হৈ পৰিছে।

৯৪ বছৰ বয়সত ১০০ মিটাৰ, ২০০ মিটাৰত সোণ আৰু ৪০০ মিটাৰত ৰূপৰ পদক জয় ভূৱন ফুকনৰ...
আদানীলৈ সকাহ! ছেবিৰ তদন্তত সন্তুষ্টি প্ৰকাশ উচ্চতম ন্যায়ালয়ৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in