আদানীলৈ সকাহ! ছেবিৰ তদন্তত সন্তুষ্টি প্ৰকাশ উচ্চতম ন্যায়ালয়ৰ

আদানীলৈ সকাহ! ছেবিৰ তদন্তত সন্তুষ্টি প্ৰকাশ উচ্চতম ন্যায়ালয়ৰ

ডিজিটেল ডেস্কঃ আদানীলৈ সকাহ উচ্চতম ন্যায়ালয়ৰ। আদানী-হিণ্ডেনবাৰ্গ কাণ্ডত হস্তক্ষেপ নকৰে উচ্চতম ন্যায়ালয়ে। লগতে ছেবি(SEBI)ৰ ওপৰত আস্থা প্ৰকাশ কৰি কয় যে তেওঁলোকৰ তদন্তত হস্তক্ষেপ নকৰে। এই সন্দৰ্ভত তদন্ত কৰাৰ বাবে ন্যায়ালয়ে ছেবিক ৩ মাহ সময় দিছে।

উচ্চতম ন্যায়ালয়ে বুধবাৰে এই সন্দৰ্ভত ৰায় দান কৰি কয় যে, আবেদনকাৰীয়ে এই ক্ষেত্ৰত কোনো প্ৰমাণ দাখিল কৰিবলৈ সক্ষম হোৱা নাই। গতিকে ছেবিৰ প্ৰতিবেদনত কিবা কম আছে বুলি ক'ব নোৱাৰি। আমি ছেবিৰ প্ৰতিবেদন শুদ্ধ বুলি বিবেচনা কৰো। এতিয়া এই ক্ষেত্ৰত কোনো এছআইটি তদন্তৰ প্ৰয়োজন নাই।

হিণ্ডেনবাৰ্গ গোচৰৰ শুনানিৰ সময়ত আদালতে কয় যে ছেবিয়ে আদানি গোটৰ বিৰুদ্ধে উত্থাপিত ২৪ টা অভিযোগৰ ভিতৰত ২২ টাতদন্ত কৰিছে। ছেবিৰ হৈ ছলিচিটৰ জেনেৰেলে দিয়া আশ্বাসৰ প্ৰতি লক্ষ্য ৰাখি, আমি ছেবিক ৩মাহ সময় দিছো। পৰৱৰ্তী ৩ মাহৰ ভিতৰত বাকী থকা দুটা গোচৰৰ তদন্ত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰো ছেবিক। আদালতে ছেবিৰ তদন্তৰ ফলাফলত হস্তক্ষেপ কৰা নাই। ছেবিয়ে আইন অনুসৰি ইয়াৰ তদন্ত কৰক।

লগতে কয় যে, ছেবিৰ তদন্তত আমি সন্তুষ্ট। ইয়াত এতিয়া আৰু এছআইটিৰ তদন্তৰ প্ৰয়োজন নাই। ৩ জনীয়া বিচাৰপীঠে লগতে কয় যে, ন্যায়ালয়ৰ ওচৰত কৰ্তৃত্বপ্ৰাপ্ত সংস্থাৰ দ্বাৰা চলোৱা তদন্ত এছআইটি বা চিবিআইলৈ স্থানান্তৰ কৰাৰ ক্ষমতা আছে। কিন্তু এই ক্ষমতা তেতিয়া প্ৰয়োগ কৰা হয় যেতিয়া তদন্ত প্ৰক্ৰিয়াত সংশ্লিষ্ট কৰ্তৃপক্ষই ইচ্ছাকৃতভাৱে নিয়ম উলংঘা কৰে।

আবেদনকাৰীৰ দ্বাৰা OCCRP প্ৰতিবেদনত উত্থাপন কৰা অভিযোগ আদালতে খাৰিজ কৰে। সেই আবেদনত কোৱা হৈছিল যে ছেবিৰ তদন্তত সন্তুষ্ট নহয়।

ন্যায়ালয়ে লগতে কয় যে ছেবি আৰু কেন্দ্ৰীয় চৰকাৰৰ অনুসন্ধানকাৰী সংস্থাই এই বিষয়ত অনুসন্ধান কৰিব যে হিণ্ডেনবাৰ্গ ৰিচাৰ্জ আৰু অন্য সংস্থাই নিম্ন অৱস্থান লোৱাৰ বাবে ভাৰতীয় বিনিয়োগকাৰীৰ যি লোকচান হৈছে তাত আইন উলংঘা হৈছে। যদি কিবা এনেকুৱা হৈছে তেন্তে তদন্ত হ'ব।

আদানীলৈ সকাহ! ছেবিৰ তদন্তত সন্তুষ্টি প্ৰকাশ উচ্চতম ন্যায়ালয়ৰ
বহু প্ৰতিশ্ৰুতিৰে ডিমা হাছাও স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰীৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in