আন্তৰ্জাতিক প্ৰিমিয়াৰ লীগত অংশগ্ৰহন কৰিব নোৱাৰিব কোনো ভাৰতীয় খেলুৱৈয়ে! আনকি পৰামৰ্শও দিব নোৱাৰে…

আন্তৰ্জাতিক প্ৰিমিয়াৰ লীগত অংশগ্ৰহন কৰিব নোৱাৰিব কোনো ভাৰতীয় খেলুৱৈয়ে! আনকি পৰামৰ্শও দিব নোৱাৰে…

author-image
asomiyapratidin
New Update
আন্তৰ্জাতিক প্ৰিমিয়াৰ লীগত অংশগ্ৰহন কৰিব নোৱাৰিব কোনো ভাৰতীয় খেলুৱৈয়ে! আনকি পৰামৰ্শও দিব নোৱাৰে…

ডিজিটেল ডেস্ক : ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ সন্থাই ল'লে এক কঠোৰ সিদ্ধান্ত । আই পি এলত অংশগ্ৰহন কৰা কোনো ভাৰতীয় খেলুৱৈ  জড়িত হ'ব নোৱাৰে আন্তৰ্জাতিক প্ৰিমিয়াৰ লীগৰ সৈতে । এই সিদ্ধান্তৰ পৰা সাৰি নগ'ল অৱসৰপ্ৰাপ খেলুৱৈসকলো । ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ সন্থাৰ সৈতে সকলো সম্পৰ্ক ত্যাগ কৰিলেহে ভাগ ল'ব পাৰিব আন্তৰ্জাতিক প্ৰিমিয়াৰ লীগত ।উল্লেখ্য যে, এনে কঠোৰ সিদ্ধান্তৰ ফলত চেন্নাই চুপাৰ কিংছে আগন্তুক দক্ষিণ আফ্ৰিকাৰ টি-২০ প্ৰিমিয়াৰ লীগত দলৰ তাৰকা খেলুৱৈ মহেন্দ্ৰ সিং ধোনীক পৰামৰ্শদাতা হিচাবেও ব্যৱহাৰ কৰিব নোৱাৰিব কাৰণ ধোনীয়ে বৰ্তমানো আই পি এলত খেলুৱৈৰূপে অংশগ্ৰহন কৰি আছে । আই পি এলৰ পৰা সম্পূৰ্ণৰূপে অৱসৰগ্ৰহণ কৰিলেহে দক্ষিণ আফ্ৰিকাৰ প্ৰিমিয়াৰ লীগত ভাগ ল'ব পাৰিব মহেন্দ্ৰ সিং ধোনীয়ে ।এই সন্দৰ্ভতে, ভাৰতীয় বেটছমেন দীনেশ কাৰ্তিকলৈ ২০১৯ চনত কেৰিবিয়ান প্ৰিমিয়াৰ লীগৰ ত্ৰিণবাগো নাইট ৰাইডাৰ্ছৰ খেল চাবলৈ যোৱা বাবে কাৰণ দৰ্শাই ক্ষমা খুজিবলৈ নিৰ্দেশ দিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ সন্থাই । সন্থাৰ সৈতে দীনেশ কাৰ্তিকৰ চুক্তি অনুসৰি, আন্তৰ্জাতিক প্ৰিমিয়াৰ লীগৰ খেল চাবলৈ যোৱাৰ পূৰ্বে অনুমতি লোৱাৰ প্ৰয়োজন খেলুৱৈজনে ।

আৰু পঢ়ক :স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি বটদ্ৰৱাত শোভাযাত্ৰা…

bcci ipl