স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি বটদ্ৰৱাত শোভাযাত্ৰা…

স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি বটদ্ৰৱাত শোভাযাত্ৰা…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে সমগ্ৰ দেশত আৰম্ভ হ'ল স্বাধীনতাৰ অমৃত মহোৎসৱ। এই স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি শনিবাৰে পুৱা বটদ্ৰৱাৰ জাতীয় বিদ্যালয়, বটদ্ৰৱাৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী সকলে এক বিশাল শোভাযাত্ৰা উলিয়াই।

পাঁচ শতাধিক ছাত্ৰ-ছাত্ৰীৰ অংশ গ্ৰহণেৰে অনুষ্ঠিত শোভাযাত্ৰাত জাতীয় বিদ্যালয়, বটদ্ৰৱাৰ পৰা আৰম্ভ কৰি শলগুৰি সত্ৰৰ মাজেৰে গৈ দৌল মন্দিৰৰ কাষেৰে পাৰ হৈ পুনৰ বিদ্যালয়ত প্ৰবেশ কৰে। উল্লেখ্য যে, শোভাযাত্ৰাত অংশ গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী সকলে "বন্দে মাতৰম্, ভাৰত মাতা কি জয়" আদি দেশপ্ৰেম মূলক শ্লোগানেৰে আকাশ বতাহ মুখৰিত কৰি তোলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in