টীম ইণ্ডিয়াৰ মুখ্য নিৰ্বাচক অজিত আগৰকাৰৰ দৰমহাই চকু কপালত তুলিব আপোনাৰ...

টীম ইণ্ডিয়াৰ মুখ্য নিৰ্বাচক অজিত আগৰকাৰৰ দৰমহাই চকু কপালত তুলিব আপোনাৰ...

author-image
Asomiya Pratidin
New Update
টীম ইণ্ডিয়াৰ মুখ্য নিৰ্বাচক অজিত আগৰকাৰৰ দৰমহাই চকু কপালত তুলিব আপোনাৰ...

টীম ইণ্ডিয়াৰ মুখ্য নিৰ্বাচক অজিত আগৰকাৰৰ দৰমহাই চকু কপালত তুলিব আপোনাৰ...

ডিজিটেল ডেস্কঃ ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ মুখ্য নিৰ্বাচক হিচাপে নিযুক্তি লাভ কৰা অজিত আগৰকাৰে এই দায়িত্বৰ বাবে লাভ কৰা ধনৰ পৰিমাণে চকু কপালত তুলিব আপোনাৰ। অজিত আগৰকাৰক ভাৰতীয় জাতীয় দলৰ মুখ্য নিৰ্বাচক হিচাপে নিযুক্তি দিয়াৰ সমান্তৰালকৈ বৃদ্ধি কৰা হৈছে বেতন।

Advertisment

জানিব পৰা মতে একে কোবে ৩ গুণ বৃদ্ধি কৰা হৈছে মুখ্য নিৰ্বাচকৰ বেতন। অৱশ্যে এই সন্দৰ্ভত এতিয়াও বি চি চি আইয়ে আনুষ্ঠানিক ভাৱে ঘোষণা কৰা নাই।

উল্লেখ্য যে, মঙ্গলবাৰে বি চি চি আইয়ে জাতীয় দলটোৰ মুখ্য নিৰ্বাচক হিচাপে অজিত আগৰকাৰক নিযুক্তি প্ৰদান কৰিছিল। ইয়াৰ পৰৱৰ্তী দিনটোতে তেওঁ ৱেষ্ট ইণ্ডিজ ভ্ৰমণৰ বাবে ভাৰতীয় দলটো ঘোষণা কৰিছিল।

ভাৰতীয় দলৰ হৈ ২৬ খনকৈ টেষ্ট, ১৯১ খন এদিনীয়া আৰু দুখন টি-২০ খেলিছে অজিত আগাৰকাৰে। সকলো ফৰ্মেট মিলি তেওঁ মুঠ ৩৪৯ টা উইকেট দখল কৰিছে। বেটছমেন হিচাপে তেওঁৰ নাম আছে ১৮৫৫ ৰাণ। আই পি এলতো তেওঁৰ যথেষ্ট অভিজ্ঞতা আহৰণ কৰিছে।

ইফালে অজিত আগাৰকাৰক মুখ্য নিৰ্বাচক হিচাপে নিৰ্বাচিত কৰাৰ উপৰিও অন্যান্য নিৰ্বাচকসকলৰো নাম ঘোষণা কৰা হৈছে। এই নিৰ্বাচক কমিটীত আছে শিৱসুন্দৰ দাস, সলিল আংকোলা, এছ শৰথ আৰু সুব্ৰত বেনাৰ্জী। অৱশ্যে এই নিৰ্বাচক সমিতিক লৈয়ো বিতৰ্কৰ সূচনা হৈছে।

নিয়মমতে নিৰ্বাচক সমিতিত প্ৰতিটো জ’নৰ এগৰাকীকৈ নিৰ্বাচক থাকিব লাগে। কিন্তু এইবাৰ উত্তৰ জ’নৰ এজনো নিৰ্বাচক নাথাকিল এই সমিতিত। পশ্চিম জ’নৰ পৰা মুখ্য নিৰ্বাচকসহ দুজনে স্থান লাভ কৰিছে।  

ভাৰতীয় জাতীয় দলটোৰ প্ৰাক্তন মুখ্য নিৰ্বাচক চেতন শৰ্মাই বেতন হিচাপে লাভ কৰিছিল ১ কোটি টকা। সেই বতনৰ পৰিমাণ বৃদ্ধি কৰি এইবাৰ অজিত আগৰকাৰক বাৰ্ষিক ৩ কোটিকৈ টকা বেতন হিচাপে আগবঢ়াব বি চি চি আইয়ে।

একেদৰে অন্যান্য নিৰ্বাচকৰ বেতন আছিল ৯০ লাখ টকা। এতিয়া তেওঁলোকৰো বেতন বৃদ্ধি কৰিব বি চি চি আইয়ে।

Also Read: ইগৰ ষ্টিমাকৰ আঙুলিত ধৰি আগবাঢ়িছে ভাৰতীয় ফুটবল...

ক্ৰিকেট বি চি চি আই