/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/0dd94e45-da81-4d69-ad42-0c58751ff295/bcci.jpg)
ডিজিটেল ডেস্ক : প্ৰকাশ পালে বি চি চি আইৰ ক্ৰিকেটাৰৰ ২০২২-২৩ বৰ্ষৰ ৰেংকিং আৰু সেই মৰ্মে বাৰ্ষিক বেতন তালিকা । এই তালিকাত গ্ৰেড এ প্লাছত থকা খেলুৱৈ সকলে লাভ কৰিব ৭ কোটি টকাৰ বাৰ্ষিত বেতন, গ্ৰেড এ'ৰ খেলুৱৈ সকলে লাভ কৰিব ৫ কোটি টকা, গ্ৰেড বি'ৰ সকলে লাভ কৰিব ৩ কোটি টকা আৰু গ্ৰেড চি'ৰ খেলুৱৈ সকলে লাভ কৰিব বাৰ্ষিক ১ কোটিকৈ টকা ।
উল্লেখ্য যে, এই তালিকা অনুসৰি, গ্ৰেড এ প্লাচত আছে কেৱল শীৰ্ষৰ চাৰি গৰাকী খেলুৱৈ ক্ৰমে ৰোহিত শৰ্মা, বিৰাট কোহলি, যশপ্ৰীত বুমৰাহ আৰু ৰবিন্দ্ৰ জাদেজা ।
আনহাতে, এ গ্ৰেডত আছে হাৰ্ডিক পাণ্ডিয়া, ৰবিচন্দ্ৰন অশ্বিন, মহম্মদ ছামী, ঋষভ পন্ট আৰু অক্ষৰ পেটেল ।
বি গ্ৰেডত আছে ৬ জনকৈ খেলুৱৈ । চেতেশ্বৰ পূজাৰা, কে এল ৰাহুল, শ্ৰেয়াছ আয়াৰ, মহম্মদ ছিৰাজ, সূৰ্যকুমাৰ যাদৱ আৰু শুভমন গীল ।
ইয়াৰ ওপৰিও, চি গ্ৰেড তালিকাত আছে উমেশ যাদৱ, শিখৰ ধৱন, শ্বাৰদুল ঠাকুৰ, ইশ্বান কিষাণ, দীপক হুডা, য়ুযুৱেন্দ্ৰ চাহাল, কুলদীপ যাদৱ, ৱাশ্বিংটন সুন্দৰ, সঞ্জু ছেম্পচন, অৰ্শদ্বীপ সিং আৰু কে এচ ভাৰত ।
Also Read: ঠিকাদাৰ অনিল দাসৰ ঘৰ আৰু কাৰ্যালয়ত আয়কৰ বিভাগৰ তালাচী...