ঠিকাদাৰ অনিল দাসৰ ঘৰ আৰু কাৰ্যালয়ত আয়কৰ বিভাগৰ তালাচী...

ঠিকাদাৰ অনিল দাসৰ ঘৰ আৰু কাৰ্যালয়ত আয়কৰ বিভাগৰ তালাচী...
  • ঠিকাদাৰ তথা ব্যৱসায়ী অনিল দাসৰ বাসগৃহত আয়কৰ বিভাগৰ তালাচী।

  • পুৱাৰে পৰাই চলিছে এই তালাচী।

  • মিৰ্জাত থকা বাসগৃহ আৰু কাৰ্যালয়তো সমান্তৰালভাৱে তালাচী চলাইছে আয়কৰ বিভাগে।

  • গুৱাহাটী হেঙেৰাবাৰীত থকা অনিল দাসৰ বাসগৃহতো চলি আছে তালাচী।

  • তালাচী সন্দৰ্ভত কোনো কথা সদৰি কৰা নাই আয়কৰ বিভাগে।

  • এক সূত্ৰৰ পৰা জানিব পৰা মতে জি এছ টি সন্দৰ্ভত এই তালাচী চলোৱা হৈছে।

  • উল্লেখ্য যে, মহানগৰীত কেইবাখনো উৰণীয়া সেতু নিৰ্মাণ কৰি আছে অনিল দাসে।

  • শেহতীয়াকৈ জুৰোড তিনিআলি উৰণীয়া সেতু নিৰ্মাণ কৰি আছে তেওঁৰ মালিকাধীন ঠিকাদাৰী প্ৰতিষ্ঠানে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in