পি এছ জিৰ সন্মুখীন হোৱাৰ পূৰ্বে প্ৰস্তুতিৰ প্ৰয়োজন বেয়াৰ্ন মিউনিখক

পি এছ জিৰ সন্মুখীন হোৱাৰ পূৰ্বে প্ৰস্তুতিৰ প্ৰয়োজন বেয়াৰ্ন মিউনিখক

ডিজিটেল ডেস্ক : বিশ্বৰ অন্যতম শক্তিশালী ক্লাববোৰৰ অন্যতম হৈছে বেয়াৰ্ন মিউনিখ । কেৱল এজন খেলুৱৈৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ বিপৰীতে দলীয় প্ৰদৰ্শনত গুৰুত্ব দিয়া বেয়াৰ্ন মিউনিখৰ সন্মুখীন হোৱাৰ পূৰ্বে চিন্তিত হৈ পৰে বিশ্বৰ শ্ৰেষ্ঠ ক্লাবসমূহ । ইয়াতেই লুকাই আছে বেয়াৰ্ন মিউনিখৰ সাফল্য, এই সাফল্যৰ বাবে প্ৰয়োজন নাই কোনো ট্ৰ'ফীৰ । উদাহৰণ বাৰ্চিলোনা । ২০১২-১৩ বৰ্ষত আছিল বাৰ্ছিলোনাৰ শ্ৰেষ্ঠ দল । দলত কোন নাছিল ? প্ৰত্যেকজন খেলুৱৈয়ে নিজৰ মাজত একো একোটা আগ্নেয়গিৰি লৈ খেলপথাৰত নামিছিল প্ৰত্যেকখন খেলত । কিন্তু বাৰ্চিলোনাৰ সেই জুই নিমিষতে নুমুৱাই দিলে বেয়াৰ্ন মিউনিখে । ৭-০ ত শেষ হ'ল খেল । মুহুৰ্ততে শেষ হৈ গ'ল স্পেনিছ ফুটবলৰ দৰ্প ।

কিন্তু এইবাৰ বেয়াৰ্নৰ সন্মুখীন হ'ব পি এছ জি । পি এছ জিত আছে তেতিয়াৰ বাৰ্চিলোনাৰ আৰু বিশ্বৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ মেছি । লগত আছে নেইমাৰ । যদিও পি এছ জি দলটি তাৰকাপূৰ্ণ কিন্তু নাই সেই দলীয় ছন্দ । যি সময়ত বাৰ্চিলোনাৰ দৰে দলীয় ছন্দ থকা দলেই হৰুৱাব নোৱাৰিলে বেয়াৰ্ন মিউনিখক, তেন্তে কিদৰে পি এছ জিয়ে পৰাস্ত কৰিব এই দলটিক ।

কিন্তু সময় সলনি হৈছে, ধীৰে ধীৰে ফুটবলৰ ইউৰোপীয়ান ধাৰাটো বিয়পি পৰিছে সমগ্ৰ বিশ্বতেই । এই ধাৰাৰ অনুকৰণ কৰিছে বিশ্বৰ অন্যতম ফুটবল ক্লাববোৰে । এতিয়া যেন পি এছ জিৰ সন্মুখীন হোৱাৰ পূৰ্বে কিছু অপ্ৰস্তুত বেয়াৰ্ন মিউনিখ ।

বেয়াৰ্নে শেহতীয়া খেলখনত ৩-০ত জয়লাভ কৰিলেও কৰিব লগীয়া হৈছিল কিছু সংগ্ৰাম । সেই সংগ্ৰামেই পুনৰ দোহৰাব নিবিচাৰে ক্লাবটোৱে পি এছ জিৰ বিপক্ষে । ক্লাবৰ মেনেজাৰৰ মন্তব্য অনুসৰি, সমগ্ৰ খেলখনৰ প্ৰথম ৬ মিনিটহে বেয়াৰ্নে প্ৰকৃত ৰূপত খেলিছিল তাৰ পাছতেই যেন ছন্দ পতন ঘটিছিল ক্লাবটোৰ । মঙলবাৰে সেই একেই ভুল যেন নকৰে বেয়াৰ্নে । তাক লৈ এতিয়া চিন্তিত দলটো ।

অৱশ্যে বিগত দুখনকৈ বিশ্বকাপৰ উদীয়মান খেলুৱৈ এমবাপে আঘাতপ্ৰাপ্ত । তেনেস্থলত মঙলবাৰে বেয়াৰনৰ বিপক্ষে খেলপথাৰত অৱতীৰ্ণ হ'ব নে নাই সেইয়া এতিয়া চিন্তাৰ বিষয় । এমবাপে নাথাকিলে দলটোৰ আক্ৰমণ যেন দুৰ্বল হ'ব সেইয়া খাটাং ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in