লক্ষাধিক ভকত বৈষ্ণৱক সাক্ষী কৰি উত্তোলন কৰিলে নৱ নিযুক্ত পদাধিকাৰ সংঘৰ ভবেন্দ্ৰ নাথ ডেকাই

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক বাৰ্ষিক অধিৱেশন

author-image
Asomiya Pratidin
New Update
লক্ষাধিক ভকত বৈষ্ণৱক সাক্ষী কৰি উত্তোলন কৰিলে নৱ নিযুক্ত পদাধিকাৰ সংঘৰ ভবেন্দ্ৰ নাথ ডেকাই

ডিজিটেল সংবাদ, চিলাপথাৰ : লক্ষাধিক ভকত বৈষ্ণৱৰ উপস্থিতিত ধৰ্মধ্বজা উত্তোলন কৰিলে শংকৰদেৱ সংঘৰ নৱ নিৰ্বাচিত পদাধিকাৰ ভবেন্দ্ৰনাথ ডেকাই। হৰি ধ্বনিৰে মুখৰিত হ'ল চেৰেন পথাৰৰ পৰমানন্দ আতা ক্ষেত্ৰত। খোল মৃদঙ্গ আৰু হৰি নামৰ ধ্বনিৰে উত্তাল কৰি তোলে চেৰেন পথাৰৰ বিশাল আঁকাশ বতাহ।

Advertisment

ধৰ্মধ্বজপাল উত্তোলন কৰি পদাধিকাৰ জনে মহাপুৰুষজনাৰ গুণানুকীৰ্তন কৰি অসমীয়াত গৱেষণা কৰা পণ্ডিতেই মাত্ৰ ১২ বছৰ বয়সত বৰ্ণমালা শিকিয়েই আ কাৰ, ই কাৰ নোহোৱাকৈ কবিতা লিখিব পাৰিছিল বুলি মন্তব্য কৰাৰ ওপৰিও প্ৰদান কৰে বহু গুৰুত্বপূৰ্ণ মন্তব্য।

ইপিনে পদাধিকাৰ গৰাকীয়ে মন্তব্য প্ৰদান কৰে যে, "সমালোচনা, মানৱ জীৱনত সংঘাত স্বাভাৱিক। সংঘাত, দোষ গুণৰ প্ৰয়োজন আছে। এন্ধাৰ নহ'লে পোহৰ কি দৰে আহিব। দোষ নাথাকিলে সংস্কাৰ কিদৰে হ'ব। মাথো পাষৱিক চৰিত্ৰ এৰি ইতিবাচক দিশ গ্ৰহন কৰিব লাগে ।"

আৰু পঢ়ক : জি এছ পি দলৰ ব্যাপক খহনীয়া

srimanta shankardev sangha