আজি এদিনীয়াৰ সিংহাসন দখলৰ যুঁজ

আজি এদিনীয়াৰ সিংহাসন দখলৰ যুঁজ

ডিজিটেল ডেস্ক : ভাৰত-নিউজিলেণ্ডৰ মাজৰ শৃংখলাৰ মীমাংসা ইতিমধ্যে হৈ গৈছে । একেৰাহে দুখন মেচত জিকি ভাৰতে শৃংখলা হস্তগত কৰিছে । সেই দিশৰ পৰা কাইলৈৰ তৃতীয়  তথা অন্তিম মেচখন নিয়ম ৰক্ষাৰ । জয়-পৰাজয়ে এই শৃংখলাত কোনো প্ৰভাৱ নেপেলায় । কিন্তু অন্য এটা দিশৰ পৰা এই মেচৰ গুৰুত্ব দুয়ো দলৰ বাবেই অত্যন্ত গুৰুত্বপূৰ্ণ । এই মেচেই নিৰ্ধাৰণ কৰিব আই চি চিৰ এদিনীয়া ৰেংকিঙৰ সিংহাসন । ৰায়পুৰত দ্বিতীয় মেচত পৰাস্ত হোৱাৰ পিচতে শীৰ্ষস্থান অধিকাৰ কৰি থকা নিউজিলেণ্ড দ্বিতীয় স্থানলৈ অৱনমিত হৈছে । এই সুযোগতে শীৰ্ষস্থান দখল কৰিছে ইংলেণ্ডে । ভাৰত বৰ্তমান তৃতীয় স্থানত আছে ।

আজি যি দলেই জয়লাভ কৰিব, সেই দলেই দখল কৰিব শীৰ্ষস্থান । ভাৰতৰ সন্মুখত সিংহাসন দখলৰ সুবৰ্ণ সুযোগ । অষ্ট্ৰেলিয়া অহাৰ আগেয়ে সিংহাসন দখল কৰিব পাৰিলে ভাৰতৰ মনোবল বৃদ্ধি হ'ব । তদুপৰি বিশ্বকাপৰ প্ৰস্তুতিয়ে গতি লাভ কৰিব । ইফালে শৃংখলা হেৰুৱালেও সিংহাসন পুনৰুদ্ধাৰৰ সুযোগ আছে নিউজিলেণ্ডৰ । সেয়ে তৃতীয়খন এদিনীয়া নিয়ম ৰক্ষাৰ নহৈ সিংহাসন দখলৰ যুঁজ । ভাৰতীয় দল সম্প্ৰতি সুন্দৰ ফৰ্মত । বলাৰসকলেও ছন্দ ঘুৰাই পাইছে । বিশেষ পৰিৱৰ্তনৰ ইংগিত নাই । গুৰুত্ব নথকা হ'লে পৰীক্ষা-নিৰীক্ষাৰ থল আছিল । কিন্তু এই মুহুৰ্তত তেনে সাহসী সিদ্ধান্ত নোলোৱাই স্বাভাৱিক ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in