কাজিৰঙাৰ বুকুত ৰিভাৰ ডলফিনৰ লুকাভাকু

কাজিৰঙাত শিহুৰ লুকাভাকু
কাজিৰঙাত শিহুৰ লুকাভাকু

ডিজিটেল সংবাদ, কাজিৰঙা : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ দিশৰ মহাবাহু ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক দৃশ্যৰ মাজত ৰিভাৰ ডলফিন বা শিহুৰ বিচৰণ পৰ্যটকৰ বাবে হৈ পৰিছে আকৰ্ষণীয় ৷ পানীৰ মাজত ৰিভাৰ ডলফিনবোৰৰ লুকাভাকুৰ দৃশ্য সাধাৰণতে দেখিবলৈ পোৱা যায় ভোমোৰাগুৰি আৰু ব্ৰহ্মপুত্ৰৰ ধনশিৰি নদীৰ সংযোগ স্থলত ৷

ব্ৰহ্মপুত্ৰৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সংলগ্ন এই দুই এলেকাত তিনিটি বছৰৰ পূৰ্বে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই জিলা প্ৰশাসনৰ সহযোগত আৰম্ভ কৰা নদী পৰ্যটনৰ বিশেষ সমল এই ৰিভাৰ ডলফিন ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত আৰম্ভ কৰা নদী পৰ্যটনত পৰ্যটকে স্পীড ব’টত উঠি মহাবাহু নৈসৰ্গিক দৃশ্যৰ লগতে উপভোগ কৰিব পাৰে শিহুৰ লুকাভাকুৰ মনোমোহা দৃশ্য ৷ জীপ ছাফাৰী,হাতী ছাফাৰীৰ পাছত পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে নাও ছাফাৰী ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in