/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/1658e220-5463-46a4-918e-dbdba05fa8f9/AP_FOR_WEB_delhi_capitals.jpg)
দ্বিতীয়খন আই পি এলৰ মেচৰ বাবু সাজু বৰ্ষাপাৰা, RR আৰু দিল্লী কেপিটেলছ...
ডিজিটেল ডেস্কঃ ৫ এপ্ৰিলত বৰ্ষাপাৰাত সফলতাৰে আই পি এলৰ প্ৰথমখন মেচ অনুষ্ঠিত হোৱাৰ পিছত এইবাৰ দ্বিতীয় তথা অন্তিমখন মেচৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম। ৮ এপ্ৰিলত অসম ক্ৰিকেট সন্থাৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ঘৰুৱা দল ৰাজস্থালন ৰয়েলছ আৰু দিল্লী কেপিটেলছৰ মাজত অনুষ্ঠিত হ’ব এই মেচখন।
মেচখনৰ বাবে দিল্লী কেপিটেলছৰ খেলুৱৈ, চাপৰ্টিং ষ্টাফকে ধৰি সকলো বৃহস্পতিবাৰেই আহি গুৱাহাটীত উপস্থিত হৈছেহি। হোটেল ৰেডিশ্যন ব্লুত বাহাৰ পাতিছে এই দলটোৱে। হোটেল ৰেডিশ্যন ব্লু কৰ্তৃপক্ষই দলটোৰ প্ৰতিজন সদস্য তথা তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলক গামোচাৰে আদৰণি জনায়।
৮ এপ্ৰিলৰ বিয়লি ৩-৩০ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া এই মেচৰ বাবে আজি দিল্লী কেপিটেলছে বৰ্ষাপাৰাত অনুশীলন চলাইছে। ১ বজাৰ পৰা ৩-৩০ বজালৈ দিল্লী কেপিটেলছে অনুশীলন কৰাৰ পাছত ৰাজস্থান ৰয়েলছে ৩-৩০ বজাৰ পৰা ৬ বজালৈ অনুশীলন চলাব।
ইফালে দিল্লী কেপিটেলছে আজি এক সংবাদ মেলো সম্বোধন কৰে। দলটোৰ হৈ সৌৰভ গাংগুলী, ৰিকি পণ্টিঙে সাংবাদিকৰ আগত পৰৱৰ্তী মেচখনৰ সন্দৰ্ভত বিভিন্ন কথা উল্লেখ কৰিলে।
📍Touchdown Guwahati 🛬 #YehHaiNayiDilli#IPL2023pic.twitter.com/x29BhRs0hU
— Delhi Capitals (@DelhiCapitals) April 6, 2023
Also Read: বিপৰ্যয়ত দল এৰিছে এজনৰ পাছত আন এজন কংগ্ৰেছীয়েঃ বিজেপিত চামিল পূৰ্বৰ মুখ্যমন্ত্ৰী