/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/37ef0dec-39ae-479f-be6b-856d1365dcda/AP_FOR_WEB_bjp.jpg)
বিপৰ্যয়ত দল এৰিছে এজনৰ পাছত আন এজন কংগ্ৰেছীয়েঃ বিজেপিত চামিল পূৰ্বৰ মুখ্যমন্ত্ৰী
ডিজিটেল ডেস্কঃ বিপৰ্যয়ে লগ এৰা নাই কংগ্ৰেছক। যিসময়ত দলটো বিভিন্ন বিপৰ্যয়ৰ মাজেৰে আগবাঢ়িছে সেই সময়ত এজনৰ পাছত আন এজনকৈ নেতাই দলত্যাগ কৰি সুবিধাবাদী নিজৰ চিৰিত্ৰক নিৰ্লজ্জভাৱে প্ৰদৰ্শিত কৰিছে।
ৰাহুল গান্ধীৰ সাংসদ পদ কৰ্তন, ২ বছৰৰ কাৰাদণ্ড আদি বিষয়ক লৈ দলটো ব্যস্ত থকাৰ মাজতে দল এৰি বিজেপিত চামিল হ’ল আন এজন নেতা। এইগৰাকী নেতাকেই এসময়ত দলটোৱে মুখ্যমন্ত্ৰী হোৱাৰ সুযোগ প্ৰদান কৰিছিল।
অন্ধ্ৰপ্ৰদেশৰ পূৰ্বৰ মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা কিৰণ কুমাৰ ৰেড্ডীয়ে কংগ্ৰেছ ত্যাগ কৰি আজি বিজেপিত চামিল হৈছে। এইগৰাকী কংগ্ৰেছ নেতাই যে এইবাৰেই দল ত্যাগ কৰিছে তেনে নহয়।
ইয়াৰ পূৰ্বেও তেওঁ দলত্যাগ কৰি নতুন দল গঠন কৰিছিল। অৱশ্যে ৰাজনৈতিক যুঁজত চূড়ান্তৰূপে ব্যৰ্থ হোৱাত তেওঁ পুনৰ কংগ্ৰেছলৈ ঘূৰি আহিছিল আৰু দলেও তেওঁক আদৰি লৈছিল।
২০১৪ ত দলত্যাগ কৰা এইজন নেতাই কংগ্ৰেছ ত্যাগ কৰি এটা নতুন দল গঠন কৰিছিল আৰু নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল। অৱশ্যে তেওঁৰ দলটোৱে এখনো আসন লাভ নকৰিলে।
এই নিৰ্বাচনী ফলাফলে কিৰণ কুমাৰ ৰেড্ডীৰ গ্ৰহণযোগ্যতা কিমান সেই কথা প্ৰমাণ কৰিলে। উপায়হীন হৈ পৰৱৰ্তী সময়ত নিজৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে পুনৰ ২০১৮ ত কংগ্ৰেছ দললৈ ঘূৰি আহে।
দলেও তেওঁক উপযুক্ত সন্মানসহকাৰে দলত স্থান দিলে যদিও পুনৰ নিৰ্বাচনী বতাহ বলিবলৈ আৰম্ভ কৰোতেই তেওঁ দলত্যাগ কৰি আজি বিজেপিত যোগদান কৰিলে। এই কথাই পুনৰ প্ৰমাণ কৰিলে কংগ্ৰেছৰ আজিৰ বিপৰ্যয়ৰ বাবে দলটোৰ নেতাসকলেই একমাত্ৰ জগৰীয়া।
দলটোৰ সুবিধাবাদী নেতাসকলে দলৰ বিপদৰ সময়ত দল এৰি সুবিধাবাদীৰ চৰিত্ৰৰ উন্মোচন কৰি দিয়া বুলি এতিয়া সৰ্বত্ৰে চৰ্চা চলিছে।
#WATCH | "I had never imagined that I'll have to leave Congress...There is a saying- 'My king is very intelligent, he doesn't think on his own, doesn't listens to anyone's advice', "says former Congress leader Kiran Kumar Reddy on joining BJP in Delhi. pic.twitter.com/8s43F09WxK
— ANI (@ANI) April 7, 2023
Also Read: কোকৰাঝাৰত অনুষ্ঠিত হ'ব অসম বিধানসভাৰ বিশেষ অধিৱেশন...