ৰিয়েলৰ আত্মঘাতী গ'লেৰে বাৰ্চিলোনাৰ অগ্ৰগতি

ৰিয়েলৰ আত্মঘাতী গ'লেৰে বাৰ্চিলোনাৰ অগ্ৰগতি

ডিজিটেল ডেস্ক : ৰিয়েল মাদ্ৰিদ আৰু বাৰ্চিলোনাৰ খেলা বুলিলেই মনত পৰে জিডান আৰু ফিগোৰ আক্ৰমণ, ৰোনাল্ডিনহোৰ খেলৰ মাজত প্ৰতিপক্ষৰ মূৰৰ কামোৰণি তোলা শৈলী, তাৰ পাছতেই আহে মেছি-ৰোনাল্ডোৰ তুমুল প্ৰতিযোগিতা । যেন খেলপথাৰ নহয় যুদ্ধক্ষেত্ৰহে । দুয়োপক্ষ সেনাৰ দুটা বৃহৎ দল । প্ৰতিখন খেলতেই জীৱন-মৰণৰ প্ৰশ্ন । ।

কিন্তু বৰ্তমানৰ প্ৰতিযোগিতা পূৰ্বতকৈ বহু বেলেগ । দলদুটাৰ মূল খেলুৱৈসকলে হয়তো অৱসৰ গ্ৰহণ কৰিলে অথবা আন কোনো ক্লাবলৈ গ'ল । ফলত এতিয়া দুয়ো দলৰেই যুঁজ ভৱিষ্যতলৈ ক্লাবটোক গঢ় দিয়াৰ । যুৱ খেলৱৈ সকলে আশানুৰূপ প্ৰদৰ্শনো কৰিছে এতিয়ালৈ । কিন্তু তাৰ মাজতেই সকলোৱে যেন পূৰ্বৰ দল দুটাক পাহৰিব পৰা নাই ।

বৰ্তমান চলি আছে কোপা ডেল ৰে' । দুয়ো দলৰেই লক্ষ্য কপা ডেল ৰে' কাপ । এই কাপৰেই ছেমি ফাইনেলত পুনৰ লগ হ'ল দলদুটা । ছেমি ফাইনেলৰ প্ৰথম লেগৰ খেল আছিল মাদ্ৰিদতেই । গৃহভূমিৰ মেছত আধিপত্যও দখল কৰিছিল মাদ্ৰিদে । বলৰ দখল, আক্ৰমণাত্মক পাছ আৰু সুযোগ সৃষ্টিৰে আগুৱাই আছিল ৰিয়েল ।

বাৰ্চিলোনাৰ মূল স্ক'ৰাৰ লিৱাণ্ডোস্কিৰ অনুপস্থিত ৰক্ষণাত্মক খেলিবলৈ বাধ্য হয় বাৰ্চিলোনা । যাৰ ফলত সম্পূৰ্ণ খেলখনত ৰিয়েলক গ'লৰ পৰা বঞ্চিত কৰে দলটোৱে । আনহাতে, খেলৰ ২৬ মিনিটত আত্মঘাতী গ'লেৰে বাৰ্চিলোনাক অগ্ৰগতি প্ৰদান কৰে ৰিয়েলৰ এডেৰ মিলিটাওৱে । যাৰ ফলতেই সম্পূৰ্ণ খেলখনত আধিপত্য স্থাপন কৰিও জয়ী হ'ব নোৱাৰিলে ৰিয়েল মাদ্ৰিদ । অৱশ্যে এতিয়াও হাতত আছে দ্বিতীয় লেগ । সলনি হ'ব পাৰে খেলৰ সংজ্ঞা ।

ৰিয়েলৰ আত্মঘাতী গ'লেৰে বাৰ্চিলোনাৰ অগ্ৰগতি
মুকালমুৱাৰ ছৈয়দ আলী চৰত নিশা বিধ্বংসী অগ্নিকাণ্ড

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in