পেৰিছ অলিম্পক যাত্ৰাৰ পথ বন্ধ ! বজৰং পুনিয়াক পুনৰ নিলম্বন

বিশ্ব কুস্তি ফেডাৰেচনে খেলুৱৈগৰাকীক ২০২৪বৰ্ষৰ শেষলৈকে নিলম্বন কৰিছে
বজৰং পুনিয়া
বজৰং পুনিয়া

ডিজিটেল ডেস্ক : বিপদত পৰিছে অলিম্পিক পদকজয়ী মল্লযুঁজাৰু বজৰং পুনিয়া। ড'পিং নিয়ম উলংঘা কৰাৰ অপৰাধত বিশ্ব কুস্তি ফেডাৰেচনে নিলম্বন কৰিছে বজৰং পুনিয়াক।

বিশ্ব কুস্তি ফেডাৰেচনে খেলুৱৈগৰাকীক ২০২৪বৰ্ষৰ শেষলৈকে নিলম্বন কৰিছে। পৰিণতিত বজৰং পুনিয়াই কোনো ট্ৰাইল অথবা টুৰ্ণামেণ্টত অংশ ল'ব নোৱাৰিব।

নিলম্বন কৰাৰ ফলত সমাগত পেৰিছ অলিম্পিকৰ পথো ৰুদ্ধ হৈ পৰিল তাৰকা খেলুৱৈগৰাকীৰ। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ইয়াৰ পূৰ্বেও বজৰং পুনিয়াক একে অপৰাধত ৰাষ্ট্ৰীয় ড'পিং বিৰোধী এজেন্সিয়ে নিলম্বন কৰিছিল।

যোৱা মাৰ্চত মাহত অনুষ্ঠিত জাতীয় ট্ৰায়েলৰ সময়ত ড'পিং পৰীক্ষাৰ বাবে প্ৰস্ৰাৱৰ নমুনা দিবলৈ অস্বীকাৰ কৰিছিল অলিম্পিক পদকজয়ী খেলুৱৈগৰাকীয়ে। ইয়াৰ পাছতে বিশ্ব ডণ্টি ড'পিং এজেন্সিয়ে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছিল। এই জাননীৰ কোনো উত্তৰ নোপোৱাত বজৰং পুনিয়াক নিলম্বন কৰে।

বজৰং পুনিয়া
পাণ্ডিয়াক লৈ মুম্বাইৰ বৰঘৰত বিদ্ৰোহঃ ৰোহিত, সূৰ্য, বুমৰাহৰ সৈতে বৈঠক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in