যাদুকৰী জাদেজা, স্পীনাৰদ্বয়ৰ আঙুলিৰ মূৰত নাচি উঠিল অষ্ট্ৰেলিয়ান দল

যাদুকৰী জাদেজা, স্পীনাৰদ্বয়ৰ আঙুলিৰ মূৰত নাচি উঠিল অষ্ট্ৰেলিয়ান দল

ডিজিটেল ডেস্ক : এগৰাকী অলৰাউণ্ডাৰ, যাক দেশৰ প্ৰধানমন্ত্ৰীয়েও সম্বোধন কৰে ছাৰ জাদেজা বুলি । কেৱল এই দুটা শব্দতেই লুকাই আছে খেলুৱৈ গৰাকীৰ সকলো সাফল্য । এই ছাৰ জাদেজা আৰু অশ্বিনৰ যুঁটিত স্পীনৰ তালে তালে নাচিবলৈ বাধ্য হ'ল সমগ্ৰ অষ্ট্ৰেলিয়ান দলটো ।

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চলি আছে টেষ্ট শৃংখলা । দ্বিতীয় টেষ্টৰ তৃতীয় দিনা দুয়ো স্পীনাৰে কেৱল ৫৯ ৰান দি সংগ্ৰহ কৰিলে ৯ টাকৈ উইকেট । মুঠ ১১৩ ৰানত শেষ অষ্ট্ৰেলিয়াৰ এটা সম্পূৰ্ণ ইনিংছ । জাদেজাই সৰ্বমুঠ ৪২ ৰান দিন সংগ্ৰহ কৰিলে ৭ টা উইকেট, আনহাতে অশ্বিনে ৫৯ ৰান দি সংগ্ৰহ কৰিলে ৩ টা উইকেট । ইয়াৰে তৃতীয় দিনা অষ্ট্ৰেলিয়া দলে ৯ উইকেটৰ বিনিময়ত সংগ্ৰহ কৰিবলৈ সক্ষম হ'ল কেৱল ৫৯ ৰান ।

ছাৰ জাদেজাই নিশ্চিত পৰাজয়ৰ গৰাহৰ পৰা ভাৰতক উদ্ধাৰ কৰা এয়াই প্ৰথম নহয় । ইয়াৰ পূৰ্বেও কেতিয়াবা বেটিঙৰ সহায়ত, কেতিয়াবা বলিঙৰ সহায়ত আনহাতে ফিল্ডিঙৰ জৰিয়তেও ভাৰতীয় দলক ৰক্ষা কৰিছে বহু কেইবাৰ । এয়াই যাদু যাদুকৰী জাদেজাৰ ।

বাতৰি লিখাৰ পৰলৈ ভাৰতক প্ৰয়োজন কেৱল ৯৬ ৰানৰ । হাতত আছে ৯ টাকৈ উইকেট । স্পীনৰ সৈতে চীৰ পৰিচিত ভাৰত । অষ্ট্ৰেলিয়া দলতো দুজনকৈ স্পীনাৰ আছে যদিও ভাৰতীয় সকলৰ বাবে গধুৰ সমস্যাৰ যে সৃষ্টি কৰিব পাৰিব সেইয়া এক বৃহৎ প্ৰশ্নবোধক । মুঠতে অষ্ট্ৰেলিয়া বিৰুদ্ধে জিলিকিল স্পীনাৰদ্বয়...  

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in