পুনৰ ৰক্তাক্ত হোৱাৰ দিশে ধাৱমান নামনি অসম !

পুনৰ ৰক্তাক্ত হোৱাৰ দিশে ধাৱমান নামনি অসম !

ডিজিটেল ডেস্ক : পৃথক কমতাপুৰৰ দাবীৰে সশস্ত্ৰ সংগ্ৰামৰ পণ গ্ৰহণ কৰিছিল জীৱন সিংহ সহিতে বহু কেইজন বিদ্ৰোহী নেতাই । দুটা দশকৰো অধিক কাল এই সংগ্ৰামৰ সৈতে জড়িত হৈ থাকি অৱশেষত শান্তি আলোচনাৰ বাবে মূলসুতিলৈ উভতি আহিছিল বিদ্ৰোহী নেতা জীৱন সিংহ আৰু আন কেইজনমান নেতা । কিন্তু ইয়াৰ অন্তৰালত আছিল আন এক অংক । মূলসুতিলৈ উভতি আহিলেও জীৱন সিংহৰ সৈতে নাছিল আন শীৰ্ষ বিষয়া অথবা অস্ত্ৰ-শস্ত্ৰ । সকলো আছিল অৰণ্যৰ মাজতেই ।

মূলসুতিলৈ উভতি অহাৰ পিছত কিন্তু তল পৰি গ'ল সকলো কথা । ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰ ব্যস্ত হৈ পৰিল আন বহু ক্ষেত্ৰত । জীৱন সিংহকো কিছু দিনৰ জিৰণিৰ প্ৰয়োজন বুলি মন্তব্য আগবঢ়ালে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । সকলো যেন তাতেই শেষ ।

কিন্তু শেহতীয়া আন এক খবৰে সৃষ্টি কৰিছে চাঞ্চল্যৰ । পৃথক কমতাপুৰৰ দাবীত গঢ় লৈ উঠিল আন এক বিদ্ৰোহী সংগঠন । এই সংগঠনটিৰ নাম জি চি এল অ' অৰ্থাৎ গ্ৰেটাৰ কোচবিহাৰ লিবাৰেচন অৰ্গেনাইজেশ্ব্যন । ইতিমধ্যে সংগঠনটোৰ সহকাৰী সাধাৰণ সম্পাদক ৰাজদ্বীপ কোচ ওৰফে ৰঞ্জিত বৰ্মণে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰিছে এক ভিডিঅ' বাৰ্তা । এই ভিডিঅ' বাৰ্তাৰ সৈতে আছিল বুজন পৰিমাণৰ মাৰণাস্ত্ৰৰো আলোকচিত্ৰ । কে এল অ'ৰ সৈতে কেন্দ্ৰৰ আলোচনা ফলপ্ৰসূ নহ'লে অস্ত্ৰ তুলি লোৱাৰ ভাবুকি সংগঠনটিৰ ।

তেনেস্থলত পুনৰ অশান্ত হোৱাৰ দিশে নেকি নামনি অসম ? ইতিমধ্যেই অসমক অশান্ত অঞ্চলৰূপে ঘোষণা কৰি থৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে । তাৰ পাছত ৰাজ্য চৰকাৰ আৰু মধ্যস্থতাকাৰীৰ হস্তক্ষেপত কিছু শান্ত হৈছিল সমগ্ৰ অঞ্চলটো । এতিয়া পুনৰ এক নতুন সশস্ত্ৰ সংগঠনৰ উত্থানে নিশ্চয়কৈ এক অস্তিৰতাৰ সৃষ্টি কৰিব ৰাজনৈতিক আৰু সামাজিক অৱস্থাত ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in