অন্ধ্ৰ প্ৰদেশৰ বিধ্বংসী বলিং, ১১৩ ৰানতে অল আউট অসম

অন্ধ্ৰ প্ৰদেশৰ বিধ্বংসী বলিং, ১১৩ ৰানতে অল আউট অসম

ডিজিটেল ডেস্কঃ দেশৰ বিভিন্ন চহৰত চলি আছে ঘৰুৱা ক্ৰিকেট প্ৰতিযোগিতা ৰঞ্জী ট্ৰফী। বি চি চি আইৰ তত্বাৱধানত চলি থকা ৰঞ্জী ট্ৰফী প্ৰতিযোগিতাত অংশগ্ৰহন কৰিছে ভাৰতীয় জাতীয় দলৰ কেইবাগৰাকী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈয়ে।

প্ৰতিযোগিতাৰ এখন গুৰুত্বপূৰ্ণ মেচত ভাগ লৈছে অসম আৰু অন্ধ্ৰ প্ৰদেশে। মঙলবাৰৰ পৰা অনুষ্ঠিত হোৱা মেচখনত টছত জয়ী হৈ অসমে ইনিংছ মুকলি কৰে। প্ৰত্যুত্তৰত অন্ধ্ৰ প্ৰদেশে ফিল্ডিং কৰে। অন্ধ্ৰ প্ৰদেশৰ বিধ্বংসী বলিংৰ সন্মুখত অসমৰ বেটছমেনে অধিক সময় তিকিব নোৱাৰি ১১৩ ৰানতে আটাইকেইটা উইকেট হেৰুৱায়। দললৈ সৰ্বাধিক ৩০ ৰানৰ বৰঙণি যোগাই ঋষভ দাসে।

অসমৰ উইকেট পতনৰ মূলতেই এম মাধৱ ৰায়ডু আৰু কে ভি শশীকান্তৰ বিধ্বংসী বলিং। ৰায়ডুৱে ৪ টা উইকেট দখল কৰাৰ বিপৰীতে শশীকান্তই ৩টা উইকেট দখল কৰে। বাতৰি লিখা পৰলৈকে অন্ধ্ৰ প্ৰদেশে ১টা উইকেটৰ বিনিময়ত ১৩২ ৰানত বেটিং কৰি আছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in