'কেডাৰকণ্ঠ' অভিযান সফলতাৰে সামৰি গুৱাহাটীত উপস্থিত পৰ্বতাৰোহী দল

'কেডাৰকণ্ঠ' অভিযান সফলতাৰে সামৰি গুৱাহাটীত উপস্থিত পৰ্বতাৰোহী দল
'কেডাৰকণ্ঠ' অভিযান সফলতাৰে সামৰি গুৱাহাটীত উপস্থিত পৰ্বতাৰোহী দল

ডিজিটেল ডেস্কঃ অসম পৰ্বতাৰোহণ সন্থাৰ উদ্যোগত উত্তৰাখণ্ডৰ 'কেডাৰকণ্ঠ'ৰ শিখৰত সফলতাৰে আৰোহণ কৰাৰ পাছত দলটোৰ প্ৰতিগৰাকী সদস্য সু-স্বাস্থ্যৰে সোমবাৰে বিয়লি গুৱাহাটীত উপস্থিত হয়। সন্থাৰ উদ্যোগত ২০ জনীয়া দলটোৱে ১৭ জানুৱাৰীৰ বিয়লি ৫-৩০ বজাত ১২৫০০ ফুট উচ্চতাত কেডাৰকণ্ঠৰ শিখৰত উপনীত হৈছিল।

শিখৰত উপনীত হৈ দলটোৱে সন্থাৰ পতাকা আৰু গামোচা উৰুৱায়। দলটোক নেতৃত্ব প্ৰদান কৰে কৃষানু বৰা আৰু মাধুৰ্য মঞ্জুৰী বড়াই। উল্লেখ্য যে, কেডাৰকণ্ঠ উত্তৰাখণ্ডৰ গাড়োৱাল হিমালয়ৰ গোবিন্দ অভয়াৰণ্যৰ অন্তৰ্গত এলেকাত অৱস্থিত।

আনহাতে ৪ দিনৰ এই ট্ৰেকিং অভিযানটো চাংক্ৰি নামৰ এখন সৰু গাঁৱৰ পৰা আৰম্ভ হৈছিল। অভিযানটিৰ সম্পূৰ্ণ আৰ্থিক অনুদান সন্থাৰ দ্বাৰা বহন কৰা হৈছিল লগতে উক্ত দলটোৰ আটাইকেইগৰাকী সদস্য সুস্থ বুলি সন্থাৰ সম্পাদক মানস বৰুৱাই জানিবলৈ দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in