/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/10f00c53-e0b4-40b4-8de8-262b077eda44/WhatsApp_Image_2023_05_04_at_17_12_02.jpeg)
ডিজিটেল ডেস্কঃ পুনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা লাভ কৰিলে অসমৰ এগৰাকী মহিলা খেলুৱৈয়ে। মধ্য প্ৰাচ্যৰ ডুবাইত অনুষ্ঠিত হোৱা এছিয়ান পাঞ্জাত পদক অৰ্জন কৰিলে এগৰাকী অসম কন্যাই।
যোৱা ২৮ এপ্ৰিলৰ পৰা ৩ মে'লৈকে অনুষ্ঠিত হোৱা এছিয়ান পাঞ্জা প্ৰতিযোগিতাত অসমৰ নিলোফাৰ আহমেদে ভাৰতক প্ৰতিনিধিত্ব কৰি ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে।
এই প্ৰতিযোগিতাত নিলোফাৰে ৬৫ কিলোগ্রাম (সোঁ আৰু বাওঁহাত) শাখাত এই সাফল্য লাভ কৰিছে। তেওঁৰ এই সফলতাত অসম পাঞ্জা সন্থাই অভিনন্দন জ্ঞাপন কৰিছে।
Also Read: বিহাৰ চৰকাৰ জাতিগত লোকপিয়লত অন্তৱৰ্তীকালীন স্থগিতাদেশ...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us