বিহাৰ চৰকাৰ জাতিগত লোকপিয়লত অন্তৱৰ্তীকালীন স্থগিতাদেশ...

বিহাৰ চৰকাৰ জাতিগত লোকপিয়লত অন্তৱৰ্তীকালীন স্থগিতাদেশ...

author-image
Asomiya Pratidin
New Update
দিল্লীত চৰকাৰ গঠন হ'লে বিহাৰৰ লগতে অন্য ৰাজ্যক বিশেষ ৰাজ্যৰ মৰ্যদা দিয়া হ'ব: নীতিশ কুমাৰ

বিহাৰ চৰকাৰ জাতিগত লোকপিয়লত অন্তৱৰ্তীকালীন স্থগিতাদেশ...

ডিজিটেল ডেস্কঃ পাটনা উচ্চ ন্যায়ালয়ে আজি বিহাৰ চৰকাৰৰ জাতিগত লোকপিয়লৰ ওপৰত অন্তৱৰ্তীকালীন স্থগিতাদেশ আৰোপ কৰিছে। এই অন্তৱৰ্তীকালীন স্থগিতাদেশ নীতশ কুমাৰ চৰকাৰৰ বাবে এক বৃহৎ বিফলতা হিচাপে পৰিগণিত হৈছে। এই গোচৰটোৰ পৰৱৰ্তী শুনানি অহা ৩ জুলাইত হ'ব।

Advertisment

উল্লেখ্য যে, নীতিশ কুমাৰৰ চৰকাৰে বিহাৰত এক জাতিগত লোকপিয়ল আৰম্ভ কৰিছিল। নীতিশ চৰকাৰে ২০১৯ চনৰ ১৮ ফেব্ৰুৱাৰীত আৰু পুনৰ ২৭ ফেব্ৰুৱাৰী ২০২০ ত বিহাৰ বিধানসভাত জাতি গত লোকপিয়লৰ প্ৰস্তাৱ গৃহীত কৰিছিল।

বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱে এই সন্দৰ্ভত কৈছিল চৰকাৰ জাতিগত লোকপিয়ল কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। সেইদৰে নীতিশ কুমাৰে কৈছিল এই জৰীপ সাধাৰণ ৰাইজৰ হিতৰ বাবে কৰা হৈছে। ইয়াৰ আধাৰত, চৰকাৰে ভৱিষ্যতে ৰাজহুৱা কল্যাণমূলক নীতি প্ৰস্তুত কৰিব।

বিহাৰৰ চৰকাৰৰ এই জাতিগত লোকপিয়লৰ বিৰুদ্ধে আৱেদন কৰিছিল দিনু কুমাৰ নামৰ এজন ব্যক্তিয়ে। প্ৰাথমিক ভাৱে দিনু কুমাৰৰ এই আৱেদন 'প্ৰচাৰ আগ্ৰহৰ মোকৰ্দমা' যেন লাগিছিল।

বিহাৰত জাতিগত লোকপিয়লৰ ওপৰত বহু প্ৰশ্ন উত্থাপিত হৈ আহিছিল। বিহাৰ চৰকাৰৰ এই জাতিগত লোকপিয়ল সংবিধানৰ মৌলিক গাঁথনিৰ উলংঘন নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছিল?

প্ৰশ্ন উত্থাপন হৈছে  ভাৰতৰ সংবিধানে ৰাজ্য চৰকাৰক জাতিগত লোকপিয়ল পৰিচালনা কৰাৰ ক্ষমতা প্ৰদান কৰে নেকি?  ৬ জুনত বিহাৰ চৰকাৰৰ উপ-সচিবৰ দ্বাৰা জাৰি কৰা অধিসূচনা লোকপিয়ল আইন ১৯৪৮ ৰ বিৰুদ্ধে আছিল নেকি?

এই আইনৰ অনুপস্থিতিত জাতিগত লোকপিয়লক ৰাজ্যিক আইনে অনুমতি দিয়েনেকি? ৰাজ্য চৰকাৰৰ জাতিগত লোকপিয়ল অনুষ্ঠিত কৰাৰ সিদ্ধান্ত সকলো ৰাজনৈতিক দলে একে ভিত্তিত লৈছে নেকি?

এনে বহু প্ৰশ্ন বিভিন্ন সময়ত উত্থাপন হৈ আহিছিল। উল্লেখ্য বিহাৰ চৰকাৰে বিগত বছৰত এটা জাতিগত লোকপিয়ল কৰাৰ সিদ্ধান্ত লৈছিল। ইয়াৰ কাম বিগত জানুৱাৰীৰ পৰা আৰম্ভ হৈছিল আৰু মে'ৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ কথা আছিল।

Also Read: ধোনিৰ অৱসৰক লৈ ইমান প্ৰশ্ন কিয় ?

বিহাৰ চৰকাৰ জাতিগত লোকপিয়ল