/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/d3629db1-53bf-418a-b146-b4f8a8bbe1a7/237.jpg)
ডিজিটেল ডেস্ক : ভুবনেশ্বৰৰ কলিংগ ষ্টেডিয়ামত অনুষ্ঠিত ২৭ সংখ্যক ৰাষ্ট্ৰীয় ছিনিয়ৰ এথলেটিকছ প্ৰতিযোগিতা সফলতা লাভ কৰিছে অসম সন্তান মেহেদী হাছানে। উক্ত প্ৰতিযোগিতাৰ ১৫০০ মিটাৰ দৌৰৰ পুৰুষৰ শাখাত মেহেদীয়ে সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়।
অসম সন্তান মেহেদী হাছানে ৩.৪২.৮২ মিনিট সময়ৰ ব্যৱধানত প্ৰথম স্থান লাভ কৰি স্বৰ্ণ পদক লাভ কৰে। আনহাতে মধ্য প্ৰদেশৰ অভিষেক সিং ঠাকুৰে দ্বিতীয় আৰু উত্তৰ প্ৰদেশৰ য়ুনুছ শ্বাহে তৃতীয় স্থান লাভ কৰে।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে প্ৰতিভাৱান দৌৰবিদ মেহেদীৰ ঘৰ বৰপেটা জিলাৰ আথিয়াবাৰীত। তেঁওৰ পিতৃৰ নামপিতৃ আবুল কালাম আজাদ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/b5fac784-7546-4e41-aa50-58be4ddadcdf/9497a971-dcab-439c-86f2-8349a4ed1636.jpg)
২০২৩ বৰ্ষত দক্ষিণ কোৰিয়াৰ য়েচিয়নত অনুষ্ঠিত এছিয়ান অনুৰ্ধ-২০ এথলেটিকছ চেম্পিয়নশ্বিপত পুৰুষৰ ১৫০০ মিটাৰ স্প্ৰিণ্ট ইভেণ্টত মেহেদীয়ে ব্ৰঞ্জৰ পদক লাভ কৰিছিল। ভুবনেশ্বৰত অনুষ্ঠিত ২৭ সংখ্যক ৰাষ্ট্ৰীয় ছিনিয়ৰ এথলেটিকছ প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰা মেহেদীক অসম এথলেটিকছ এছ'চিয়েশ্যনে বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে।
উক্ত সম্বৰ্ধনা অনুষ্ঠানত ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মন্ত্ৰী নন্দিতা গাৰ্লোছা, ছাত্ৰ আৰু যুৱ কল্যাণৰ ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা সমিতিৰ সদস্য সচিব গীতাৰ্থ গোস্বামী, হেমন্ত কলিতা, ভাৰতীয় বক্সিং ফেডাৰেচনৰ মুখ্য সচিব লক্ষ্য কোঁৱৰ, অশোক ভৰালী, ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালক প্ৰদীপ টিমুং আৰু মেহেদীৰ পিতৃ আবুল কালাম আজাদ অনুষ্ঠানত উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/972dff32-73fa-4b13-b84f-5ad667d9b771/pratidintime_2024-05_5cf86357-39f3-4177-87a4-bb1c0de73bf5_da15cbb0-4635-47ac-8ff0-2e962091f664.avif)
সম্বৰ্ধনা অনুষ্ঠানত সোণৰ পদক বিজয়ী মেহেদী হাছানে উপস্থিত সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে। তেঁও কয়- আজি মোক প্ৰদান কৰা স্বীকৃতি আৰু সম্বৰ্ধনাৰ বাবে মই অসম এথলেটিকছ এছ'চিয়েশ্যনক ধন্যবাদ জ্ঞাপন কৰিছো। লগতে মই মোৰ আটাইকেইগৰাকী প্ৰশিক্ষকক মোৰ সশ্ৰদ্ধ প্ৰণিপাত জনাইছো।
এইখিনিতে উল্লেখ কৰিব পাৰি যে ১২ মে’ৰ পৰা ১৫ মে'লৈকে উৰিষ্যাৰ ৰাজধানী ভুৱনেশ্বৰৰ কলিংগ ষ্টেডিয়ামত প্ৰতিযোগিতাখন অনুষ্ঠিত হৈছিল। এই প্ৰতিযোগিতাখন আয়োজন কৰিছিল ভাৰতীয় এথলেটিকছ ফেডাৰেচনে।
Also Read: নাগালেণ্ডত নাইটক্লাব, পাব আৰু বাৰ আদি বন্ধ কৰিবলৈ নিৰ্দেশ এন এছ চি এন আই এমৰ...