Advertisment

নাগালেণ্ডত নাইটক্লাব, পাব আৰু বাৰ আদি বন্ধ কৰিবলৈ নিৰ্দেশ এন এছ চি এন আই এমৰ...

নাগালেণ্ডত নাইটক্লাব, পাব আৰু বাৰ আদি বন্ধ কৰিবলৈ নিৰ্দেশ এন এছ চি এন আই এমৰ...

author-image
Asomiya Pratidin
New Update
নাগালেণ্ডত নাইটক্লাব, পাব আৰু বাৰ আদি বন্ধ কৰিবলৈ নিৰ্দেশ এন এছ চি এন আই এমৰ...

প্ৰতীকী ফটো

ডিজিটেল সংবাদ, বেকাজানঃ নাগালেণ্ডৰ কেতবোৰ অঞ্চলত চলি থকা নাইটক্লাব, পাব আৰু ডিস্কোৰ বাৰ ততালিকে বন্ধ কৰিবলৈ সকীয়নী দিছে এন এছ চি এন (আই এম)  বিদ্ৰোহী সংগঠনটোৱে। উল্লেখযোগ্য যে গভীৰ নিশালৈকে নাইটক্লাব, পাব, বাৰ আদি চলোৱা সন্দৰ্ভত সাধাৰণ ৰাইজৰ অভিযোগৰ পিছত এন এছ চি এন (আই-এম) তেওঁলোকৰ কাৰ্য্যকলাপ তাৎক্ষণিকভাৱে বন্ধ কৰিবলৈ কঠোৰ নিৰ্দেশ দিছে।

Advertisment

এন এছ চি এন আই এমৰ অধিকাৰ ক্ষেত্ৰ অঞ্চলৰ সম্পাদক ছলমন ছুমীৰ মতে, নাইট ক্লাব ,পাব আৰু ডিস্কো বাৰসমূহত নাবালিকাক গভীৰ নিশা দেখা পোৱা আৰু আৰ্থিক লাভৰ বাবে বিবাহিত বা অস্থানীয় ব্যক্তিৰ সৈতে অসামাজিক কাৰ্যকলাপত লিপ্ত হোৱাৰ খবৰৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে। এন এছ চিএনৰ অধিকাৰ অঞ্চলৰ ড্ৰাগছ ব্যৱসায়, নিষিদ্ধ পদাৰ্থ ব্যৱহাৰৰ বিৰুদ্ধেও কঠোৰ সতৰ্কবাণী জাৰি কৰিছে। 

সংগঠনটোৱে উল্লেখ কৰে যে নগা যুৱক-যুৱতীসকলৰ মাজত ড্ৰাগছ সেৱনৰ মাত্ৰা ক্ৰমাৎ বৃদ্ধি পোৱাৰ বাবে ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজন হৈছে। ড্ৰাগছ আৰু নিষিদ্ধ পদাৰ্থ বিক্ৰীৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে কঠোৰভাৱে শাস্তি বলবৎ কৰিব বুলি ঘোষণা কৰিছে।

তদুপৰি এন এছ চিনৰ অধিকাৰ অঞ্চলৰ সকলো কৰ্মচাৰীকে যিকোনো কাম কৰাৰ পূৰ্বে অৱগত কৰি অনুমোদন ল’বলৈ সকীয়াই দিয়ে।  ইউ টি অঞ্চলৰ সদস্যৰ সৈতে জড়িত যিকোনো অসৎ আচৰণ বা অশুভ কাণ্ড সংশ্লিষ্ট কৰ্তৃপক্ষই কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিব বুলি সকীয়াই দিয়ে।

Also Read: আন্তৰ্জাতিক ফুটবলক বিদায় দিলে তাৰকা ফুটবলাৰ সুনীল ছেত্ৰীয়ে

nagaland club pub bar