ডিজিটেল সংবাদ যোৰহাটঃ অসমৰ অধিনায়ক তন্ময় বৰুৱাৰ হেটট্ৰিকৰ সহায়ত অসমৰ আজি প্ৰতিযোগিতাখনত পঞ্চমটো জয়। প্ৰতিটো বিপক্ষক ধাৰাসাৰি কৰা অপৰাজেয় অসম সঁচাকৈয়ে যে, অপ্ৰতিৰোধ্য তাক প্ৰতিপন্ন কৰিবলৈ মাজত মাত্ৰ আৰু এখোজ বাকী।
ক্ৰমাগতভাৱে আজি পঞ্চমটো জয়ৰ পাছত অহা ২০ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব চূড়ান্ত খেলখন আৰু সেই খেলখনত জয়ী হ’লেই অসম যে, অপ্ৰতিৰোধ্য তাৰে প্ৰমাণ হ’ব। এই অপ্ৰতিৰোধ্য অসমৰ সন্মুখত মুখামুখি হ’ব হাৰিয়ানা।
যোৰহাট জিলা ক্রীড়া সন্থাৰ আতিথ্যত যোৰহাট ষ্টেডিয়ামত চলি থকা ১৫ বছৰ অনূৰ্ধ্ব ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপ ছাব-জুনিয়ৰ বয়জ (টায়াৰ-২) প্রতিযোগিতাখনৰ আজি ছেমি ফাইনেল খেল দুখন অনুষ্ঠিত হয়। আজি বিয়লি যোৰহটীয়া ফুটবল তথা ক্ৰীড়াপ্ৰেমী ৰাইজে উপভোগ কৰিবলৈ পালে এখনি উপভোগ্য ফুটবল খেল।
আজি অনুষ্ঠিত প্ৰতিযোগিতাখনৰ দ্বিতীয়খন ছেমিত আয়োজক অসম ৰাজ্যিক ফুটবল দলে ৰাজস্থান ৰাজ্যিক ফুটবল দলক ৩-০ গ’লৰ ব্যৱধানত পৰাজিত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। খেলখনত আজি অসমে এখন দৰ্শনীয় খেল খেলি বিপৰীত পক্ষক সম্পূৰ্ণৰূপে চাপত ৰাখি খেলৰ প্ৰথমাৰ্ধত দুটা আৰু দ্বিতীয়াৰ্ধত এটা গ’ল কৰে।
খেলখনত ১৭, ১৯ আৰু ৪৭ মিনিটত তিনিটা গ’ল দি হেট্ৰিক অৰ্জন কৰে অসম দলৰ অধিনায়ক তন্ময় বৰুৱাই। ইয়াৰ লগে লগে অসম দলটো ফাইনেলত প্ৰৱেশ কৰে। ইফালে আজি অনুষ্ঠিত ছেমি ফাইনেল খেল দুখনৰ পুৱাৰ ভাগত অনুষ্ঠিত প্ৰথম খন খেলত হাৰিয়ানা ৰাজ্যিক ফুটবল দলে হিমাচল প্ৰদেশ ৰাজ্যিক ফুটবল দলক ২-১ ব্যৱধানত পৰাস্ত কৰে।
হাৰিয়ানা দলৰ হৈ ৰাজবীৰ কাপুৰে দিয়ে দুটা গ’ল। হিমাচলৰ হৈ একমাত্ৰ গ’লটো দিয়ে হৰ্ষিত জাছৱালে। ফাইনেলত হাৰিয়ানা দলটো অসমৰে মুখামুখি হ'ব। উল্লেখযোগ্য যে অহা ২০ ছেপ্টেম্বৰত যোৰহাট ষ্টেডিয়ামত প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলখন অনুষ্ঠিত হ’ব।