বৰহোলাৰ নগাবাটত ভাগৱত ব্যাখ্যা অনুষ্ঠান সম্পন্ন...

ভাগৱত আধ্যাত্মিক তত্ত্ব ব্যাখ্যা কৰে বৈষ্ণৱ পণ্ডিত জগত বণিয়াই
বৰহোলাৰ নগাবাটত ভাগৱত ব্যাখ্যা অনুষ্ঠান সম্পন্ন...
বৰহোলাৰ নগাবাটত ভাগৱত ব্যাখ্যা অনুষ্ঠান সম্পন্ন...
Published on
Updated on

ডিজিটেল সংবাদ বেকাজানঃ বৰহোলাৰ নগাবাটৰ অন্নপূৰ্ণা শ্ৰীমন্ত শংকৰ প্ৰাথমিক শাখাৰ নামঘৰৰ উদ্যোগত আৰু অন্নপূৰ্ণা ৰাইজৰ সহযোগত আজি এদিনীয়া কাৰ্যসূচীৰে ভাগৱত ব্যাখ্যা অনুষ্ঠান অনুষ্ঠিত হয়। এই উপলক্ষে পুৱা ৯ বজাত নাম প্ৰসংগ কৰা হয়।

ইয়াৰ পিছত ভাগৱত ব্যাখ্যা অনুষ্ঠানত সভাপতিত্ব কৰে অন্নপূৰ্ণা শ্ৰীমন্ত শংকৰদেৱৰ সংঘৰ প্ৰাথমিক শাখাৰ সভাপতি নোমল গগৈয়ে। সম্বৰ্ধনা অনুষ্ঠানৰ আঁত ধৰে প্ৰাথমিক শাখাৰ সম্পাদক পৱিত্ৰ শইকীয়া আৰু সত্যজিত গগৈয়ে।

দুপৰীয়া মূল ভাগৱত ব্যাখ্যা অনুষ্ঠানটিত উপস্থিত থাকে তিতাবৰৰ সমষ্টিৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱা আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তিতাবৰ জিলাৰ সভাপতি সুশীল গগৈ। আনহাতে ভাগৱত পাঠ কৰে তিতাবৰ জিলা সহকাৰী সম্পাদক প্ৰাচুৰ্যপ্ৰতীম বৰা আৰু ব্যাখ্যা কৰে শ্ৰীমন্ত শংকৰ মূল শাখাৰ প্ৰচাৰক তথা বৈষ্ণৱ পণ্ডিত জগত বনিয়াই।

বণিয়াই শ্ৰীমন্ত শঙ্কৰদেৱে আধ্যাত্মিক ভক্তিৰসৰ তত্ব দৰ্শনৰ ওপৰত ভাগৱতৰ কেইবাটাও স্কন্ধৰ হৰিনামৰ মহিমা তাৎপৰ্য ব্যাখ্যা কৰি পাঁচ শতাধিক ভকত-বৈষ্ণৱক ভাগৱত ভক্তিৰসৰ আধ্যাত্মিক ৰসামৃত পান কৰায়। তদুপৰি তেওঁ বৈষ্ণৱ ধৰ্মৰ আদৰ্শ আৰু ভাগৱত আধ্যাত্মিক তত্ত্বৰ মনোগ্ৰাহী ব্যাখ্যা আগবঢ়ায়।

এই ভাগৱত ব্যাখ্যা অনুষ্ঠানটিত তিতাবৰ,বৰহোলা, বেকাজান আৰু নগাবাটৰ পাঁচ শতাধিক ভকত বৈষ্ণৱৰ লগতে বৰহোলা প্ৰেছ ক্লাবৰ সভাপতি মণ্টুচ্ কোঁৱৰ, সাংবাদিক প্ৰসেনজিত ৰাজখোৱা, মুনমী লালিম, তিতাবৰ জিলা সহ সম্পাদক অভিজিত হাজৰিকা, জিলা শিশু আইন কল্যাণ বিভাগৰ সম্পাদিকা অভিজিতা বৰদলৈ, বৰহোলা আঞ্চলিকৰ সভাপতি মহেন্দ্ৰ শইকীয়া,সম্পাদক অজিত গগৈ,জিলা প্ৰচাৰ সম্পাদক প্ৰবীণ গগৈ আৰু প্ৰাক্তন মূল সদস্য ডিম্বেশ্বৰ ফুকন উপস্থিত থাকে।

বৰহোলাৰ নগাবাটত ভাগৱত ব্যাখ্যা অনুষ্ঠান সম্পন্ন...
APSC উত্তীৰ্ণ আগষ্টি কাশ্যপক উৰিয়াগাঁৱৰ সুন্দৰম নাট্য গোষ্ঠীৰ সম্বৰ্ধনা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in