চৈয়দ মুস্তাক আলী ট্ৰফীত কেৰালাক পৰাস্ত কৰি অসম ছেমি ফাইনেলত...

চৈয়দ মুস্তাক আলী ট্ৰফীত কেৰালাক পৰাস্ত কৰি অসম ছেমি ফাইনেলত...
চৈয়দ মুস্তাক আলী ট্ৰফীত কেৰালাক পৰাস্ত কৰি অসম ছেমি ফাইনেলত...

ডিজিটেল ডেস্কঃ ভাৰত-শ্ৰীলংকাৰ মাজত চলি থকি বিশ্বকাপৰ মেচৰ উত্তেজনাৰ মাজতে অসমলৈ আহিল ভাল খবৰ। বি চি চি আইৰ ঘৰুৱা টুৰ্ণামেণ্ট চৈয়দ মুস্তাক আলী ট্ৰফীৰ কোৱাৰ্টাৰ ফাইনেল মেচত অসম দলটোৱে সঞ্জু চেমচনৰ নেতৃত্বাধীন কেৰালাক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে।

মেচখনত প্ৰথমে বেটিং কৰি কেৰালাই নিৰ্ধাৰিত ২০ অভাৰত ৬ উইকেট হেৰুৱাই ১৫৮ ৰাণ সংগ্ৰহ কৰে। এই লক্ষ্য আগত লৈ ৰিয়ান পৰাগৰ নেতৃত্বৰ অসম দলটোৱে ১৭.১ অভাৰতে ৪ উইকেট হেৰুৱাই ১৬২ ৰাণ অৰ্জন কৰি বিজয় সাব্যস্ত কৰে।

অসম দলটোৰ এই বিজয়ৰ মূলতে আছিল উইকেট কীপাৰ বেটছমেন এছ চি ঘাদিগাওঙ্কাৰৰ ৫০ বলত ৭৫ ৰাণৰ ইনিংছৰ লগতে শিৱশংকৰ ৰয়ৰ ২২ বলত অপাজিত ৪২ ৰাণৰ বিস্ফোৰক ইনিংছ। মেচখনত অসমৰ ঋষভ দাসে ১৪, ৰিয়ান পৰাগে ১২ আৰু বিশাল ৰয়ে ১১ ৰাণ সংগ্ৰহ কৰে।

কেৰালৰ হৈ ছলিম নিজাৰে ৫৭ ৰাণ, আব্দুল বাজিথে ৫৪ ৰাণ সংগ্ৰহ কৰে। উইকেটকীপাৰ তথা অধিনায়ক সঞ্জু চেমচন শূন্যত আউট হয়। অসমৰ হৈ মুখটাৰ হুছেইনে ১ টা, মৃণ্ময় দত্তই ২ টা, আকাশ সেন গুপ্তাই ৩ টা উইকেট দখল কৰে।

চৈয়দ মুস্তাক আলী ট্ৰফীত কেৰালাক পৰাস্ত কৰি অসম ছেমি ফাইনেলত...
ছিৰাজ, বুমৰাহৰ সন্মুখত দিকবিদিক হেৰুৱাইছে শ্ৰীলংকাই...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in